অসম

assam

ন্যায়িক জিম্মাত তিনি বছৰীয়া শিশুৰ মৃত্যুক লৈ কৰ্ণাটকত তীব্ৰ প্ৰতিবাদ

By

Published : Jan 4, 2021, 1:54 PM IST

ন্যায়িক জিম্মাত থকা অৱস্থাত তিনিবছৰীয়া শিশুৰ মৃত্যুত কৰ্ণাটকত তীব্ৰ প্ৰতিবাদ ৷ কোনো গোচৰত অভিযুক্ত মাতৃৰ সৈতে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল শিশুটিক ৷ কালবুৰাগীৰ জেৱাৰ্গী কাৰাগাৰত অসুস্থ হৈ শিশুটিৰ মৃত্যু ৷ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী প্ৰতিবাদকাৰীৰ ৷

Three year old dies in custody
ন্যায়িক জিম্মাত থকা অৱস্থাত তিনি বছৰীয়া শিশুৰ মৃত্যু

নেচনেল ডেস্ক, 4 জানুৱাৰী:ন্যায়িক জিম্মাত থকা অৱস্থাত এটি তিনি বছৰীয়া শিশুৰ মৃত্যুৰ পাছতে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ কৰ্ণাটকত শতাধিক লোক ৰাজপথলৈ উলাই অহা পৰিলক্ষিত হয় ৷ শিশুটিৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰা ক্ষুব্ধ ৰাইজক আৰক্ষীয়ে নায্য তদন্তৰ আশ্বাস প্ৰদান কৰাৰ পাছতহে প্ৰতিবাদী লোকসকল ক্ষান্ত হয় ৷

কাৰাগাৰত অসুস্থ হৈ শিশুটিৰ মৃত্যু

জানিব পৰা মতে, কোনো ঘটনাত অভিযুক্ত মাতৃৰ সৈতে এটি তিনি বছৰীয়া কন্যা শিশুক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাছত কাৰাগাৰতে অসুস্থ হৈ শনিবাৰে শিশুটিয়ে মৃত্যুক সাৱটি লয় ৷ অসুস্থ হোৱাৰ পাছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শিশুটিক কালাবুৰাগীস্থিত গুলবাৰ্গা ইনষ্টিটিউট অফ মেডিকেল চায়েন্সচলৈ প্ৰেৰণ কৰা হয় যদিও শনিবাৰে ৰাতিপুৱা শিশুটিয়ে মৃত্যুক সাৱটি লয় ৷

কালাবুৰাগীৰ এচপি চিমি মৰিয়ম জৰ্জে কয়, "এক গোচৰত এগৰাকী মহিলাক আটক কৰা হৈছিল আৰু তেওঁৰ সন্তানৰ সৈতে জেৱাৰ্গী থানাত কাৰাবন্দী কৰা হৈছিল ৷ শিশুটি কাৰাগাৰত অসুস্থ হৈ পৰে আৰু মৃত্যুক সাৱটি লয় ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷"

দলীয় সতীৰ্থৰ সৈতে প্ৰতিবাদত অংশ লোৱা জেৱাৰ্গীৰ কংগ্ৰেছৰ বিধায়ক ড৹ অজয় সিঙে কয় যে, 30 ডিচেম্বৰত গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলক লৈ দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু তাৰ পাছতে কংগ্ৰেছ দলৰ কৰ্মীসকলক জামিন বিহীন গোচৰত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷ বিজেপিৰ মানুহবোৰে কিন্তু জামিন লাভ কৰিবলৈ সক্ষম হ'ল ৷ 31 অক্টোবৰত আৰক্ষীয়ে মহিলাগৰাকীৰ সৈতে শিশুটিক গ্ৰেপ্তাৰ কৰে আৰু শনিবাৰে শিশুটিৰ মৃত্যু হয় ৷ ইয়াৰ বাবে আৰক্ষী জগৰীয়া ৷ আমি এই ঘটনাৰ তদন্ত দাবী কৰিছো ৷"

লগতে পঢ়ক:ছত্তীশগড় আৰক্ষীৰ জালত এজন নক্সাল

ABOUT THE AUTHOR

...view details