দান্তেৱাৰা, 5 এপ্ৰিলঃ বৃহস্পতিবাৰে চট্টিশগড়ত দান্তেৱাৰাত পুনৰ আত্মসমৰ্পন কৰিলে তিনিগৰাকীকৈ দুধৰ্ষ নক্সালে ৷ তাৰে ভিতৰত এগৰাকী মহিলা নক্সালেও আত্মসমৰ্পন কৰিছে বুলি প্ৰকাশ কৰে দান্তেৱাৰা আৰক্ষী অধীক্ষক অভিষেক পল্লৱে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, মহিলা নক্সালগৰাকীৰ নামত ধাৰ্য কৰা আছিল ছয় লাখ টকা ৷ বহু দিন ধৰি মহিলা নক্সালগৰাকীৰ লগতে আন দুগৰাকী নক্সালকো আৰক্ষীয়ে আটক কৰিবলৈ চেষ্টা কৰি আছিল ৷ বিগত সময়চোৱাত বহু কেইটা গুৰুত্বপূৰ্ণ অপৰাধত জড়িত আছিল আত্মসমৰ্পনকাৰী নক্সাল কেইটা ৷
দান্তেৱাৰাত আত্মসমৰ্পন তিনি দুধৰ্ষ নক্সালৰ
নক্সালবাদীৰ পুনৰ সংস্থাপন আঁচনী অনুসৰি প্ৰত্যেকগৰাকীলৈ 10 হাজাৰ টকাৰ আৰ্থিক অনুদান চট্টিশগড় চৰকাৰৰ ৷
ETV BHARAT
আৰক্ষীৰ তথ্য অনুসৰি, প্ৰায় এবছৰ মানৰ আগতেই মহিলা নক্সালগৰাকীৰ স্বামীয়েও আৰক্ষীৰ হাতত আত্মসমৰ্পন কৰে ৷ তাৰ পাচৰে পৰা মহিলাগৰাকীৰ স্বামীয়ে মহিলাগৰাকীক আত্মসমৰ্পন কৰাৰ বাবে সন্মত কৰোৱাৰো চেষ্টা কৰি আহিছিল ৷ অৱশেষত বৃহস্পতিবাৰে মহিলাগৰাকীয়েও আৰক্ষীৰ সন্মুখত আত্মসমৰ্পন কৰে ৷
নক্সালবাদীৰ পুনৰ সংস্থাপন আঁচনী অনুসৰি প্ৰত্যেকগৰাকী আত্মসমৰ্পনকাৰী নক্সাললৈ 10 হাজাৰ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰে চট্টিশগড় আৰক্ষীয়ে ৷