অসম

assam

1984 শিখ বিৰোধী গোষ্ঠীসংঘৰ্ষঃ 498 টা অভিযোগ দাখিল এখন এজাহাৰত

By

Published : Jan 16, 2020, 11:22 AM IST

দিল্লী আৰক্ষীয়ে 1984ৰ শিখ বিৰোধী গোষ্ঠী সংঘৰ্ষৰ সন্দৰ্ভত 498 টা অভিযোগ সম্বলিত এখন সৰ্বগ্ৰাহী এজাহাৰ দাখিল কৰিছে ৷ এই এজাহাৰ খনত গোষ্ঠী সংঘৰ্ষ, অগ্নিসংযোগ, লুটপাত, হত্যাৰ দৰে অভিযোগ সমুহ আছে আৰু এজন তদন্তকাৰী বিষয়াকে এই তদন্তৰ দায়িত্ব দিয়া হৈছে ৷

498 complaints
498 টা অভিযোগ

নেশ্বনেল ডেস্ক, 16 জানুৱাৰীঃদিল্লী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এচ.এন ধীংগৰাৰ নেতৃত্ব কৰা বিশেষ তদন্তকাৰী দলে(এচআইটি) 498টা অভিযোগ(গোষ্ঠী সংঘৰ্ষ, অগ্নিসংযোগ, লুতপাত, হত্যা) সম্বলিত এখন সৰ্বগ্ৰাহী এজাহাৰ দাখিল কৰিছে আৰু কেৱল এজন তদন্তকাৰী বিষয়াকে এই তদন্তৰ দায়িত্ব অৰ্পন কৰিছে ৷ উল্লেখ্য যে, এই বিশেষ তদন্তকাৰী দলটোৱে 1984ৰ শিখ বিৰোধী গোষ্ঠী সংঘৰ্ষত 186টা গোচৰ তদন্ত কৰিছে ৷

এচআইটিৰ এক প্ৰতিবেদন অনুসৰি, 500 টা গোচৰ তদন্ত কৰা, প্ৰত্যেকটো অপৰাধৰ সাক্ষীৰ সন্ধান কৰা, চালান প্ৰস্তুত কৰা আৰু সকলো অপৰাধীৰ বিৰুদ্ধে ন্যায়ালয়ত কাৰ্যবাহী কৰা এজন মানুহৰ বাবে ই অসম্ভৱ আছিল ৷ ইয়াৰোপৰি এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ফাইলসমূহৰ বিসংগতিসমূহ লক্ষ্য কৰি এয়া বুজিব পাৰি যে আৰক্ষীয়ে ঘটনা অথবা অপৰাধক ভিত্তি কৰি গোচৰ সমূহ ৰুজু কৰা নাছিল ৷ গোষ্ঠী সংঘৰ্ষত এজাহাৰ দাখিল কৰা সময়ত আৰক্ষীৰ আচৰণ সম্পৰ্কত বহু সমালোচনা কৰি এই প্ৰতিবেদনটো প্ৰকাশিত কৰা হৈছে ৷ ইয়াৰোপৰি এই প্ৰতিবেদনখনে উল্লেখ কৰে যে হত্যা, গোষ্ঠী সংঘৰ্ষ, অগ্নিকাণ্ড আৰু লুটপাতৰ দৰে বহু কেইটা অভিযোগৰ বাবে যদি এখন এজহাৰ দাখিল কৰি এটা ঘৰ বা এখন দোকানত তালাচী চলাই তেনে সেই তদন্তৰ কোনো অৰ্থ নাই ৷

ভুক্তভোগী সকলক প্ৰতিনিধিত্ব কৰি হৰপ্ৰিত সিং আৰোৰাই কয় যে, বিভিন্ন অভিযোগৰ বাবে এখন এজাহাৰ দাখিল কৰাৰ অনুমতি নাই ৷ আৰক্ষীয়ে বিভিন্ন অপৰাধৰ বাবে ভিন্ন অভিযোগ দাখিল নকৰা কাৰ্যটো চিআৰপিচিৰ 218 ধাৰাৰ উলংঘন ৷ চুলতানপুৰী আৰক্ষী থানাত 268/84 গোচৰৰ অধীনত ৰুজু হোৱা এজাহাৰত উপ আৰক্ষী আয়ুক্তই গোষ্ঠী সংঘৰ্ষৰ পাচত বিভিন্ন ঘটনাৰ ভিত্তিত গ্ৰহণ কৰা 337 টা গোচৰ পঠাইছিল ৷ কিন্তু ভুক্তভোগী সকলে উপ আৰক্ষী আয়ুক্তগৰাকীক জনোৱা অনুসৰি আৰক্ষীয়ে প্ৰত্যেকটো ঘটনাৰ সন্দৰ্ভত পৃথককৈ প্ৰাথমিক তদন্ত কৰাৰ পৰিৱৰ্তে একত্ৰিতকৈ প্ৰাথমিক তদন্ত কৰিছিল ৷ পৰৱৰ্তী সময়ত আন ঘটনাসমূহো এজাহাৰ খনত যোগ কৰা হৈছিল ৷ যাৰ ফলত এই এজাহাৰখনত গোষ্ঠী সংঘৰ্ষ, অগ্নিসংযোগ, লুটপাত, হত্যাৰ দৰে 498 টা গোচৰ সম্বলিত হৈ আছে ৷ আৰু এজন তদন্তকাৰী বিষয়াক এই গোচৰৰ দায়িত্ব দিয়া হৈছে ৷

তদুপৰি এচআইটিয়ে এই প্ৰতিবেদনত এফআইআৰ 503/91ৰ সন্দৰ্ভত কল্যানপুৰী আৰক্ষী থানাৰ ষ্টেচন হাউচ অফিচাৰ (SHO) সুৰৱীৰ সিং ত্যাগীৰ ভtমিকাও তুলি ধৰিছে ৷ এচআইটিয়ে ত্যাগীক গোষ্ঠী সংঘৰ্ষ কৰা লোকসকলৰ লগত মিলিত হৈ আছিল বুলিও অভিযোগ কৰে ৷ এচআইটিয়ে অভিযোগ কৰে যে এই ঘটনাত ত্যাগীয়ে ইচ্ছাকৃতভাৱে নিজৰ লাইসেন্সপ্ৰাপ্ত অস্ত্ৰসমূহ স্থানীয় শিখ সমূহৰ আগত উলিয়াই দিছিল যাতে গোষ্ঠী সংঘৰ্ষ কৰা লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ প্ৰাণ আৰু সম্পদৰ ক্ষতি কৰিব পাৰে ৷ এই ঘটনাৰ পাচত তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল যদিও পাচত তেওঁৰ চাকৰি বাহাল কৰাৰ লগতে আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি দিয়া হৈছিল ৷ এচআইটিয়ে ত্যাগীৰ এই গোচৰটো দিল্লী আৰক্ষীৰ গোষ্ঠী সংঘৰ্ষ চেললৈ তদন্তৰ বাবে প্ৰেৰণ কৰে ৷ ভুক্তভোগীসকলৰ অধিবক্তাসকলে মুখ্য ন্যায়াধীশ এচ এচ ববদেৰ নেতৃত্বৰ বিচাৰ পীঠক জনোৱা অনুসৰি এচআইটিৰ এই প্ৰতিবেদনে বিশষকৈ আৰক্ষী বিষয়া সকলৰ ভূমিকাক ক্ষতি কৰিছে আৰু তেওঁলোকে কঠিত ৰূপত এক আবেদন দাখিল কৰিব আৰু তেওঁলোকৰ বিৰুদ্ধে তদন্তৰ আহ্বান জনাব ৷ কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতায়ে জনোৱা অনুসৰি তেওঁ প্ৰতিবেদনখনত কৰা আহ্বানক স্বীকাৰ কৰিছে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ৷

লগতে পঢ়ক - জম্মু-কাশ্মীৰ ভ্ৰমণলৈ কেন্দ্ৰীয় চৰকাৰৰ 36গৰাকী মন্ত্ৰী

ABOUT THE AUTHOR

...view details