অসম

assam

ভাৰতত নতুনকৈ 18,177 গৰাকী ক'ৰণাত আক্ৰান্ত

By

Published : Jan 3, 2021, 2:31 PM IST

তিনি ডিচেম্বৰত ভাৰতত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যাই 1,03,23,965 ৰ ঘৰ অতিক্ৰম কৰে ৷ আইচিএমআৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি আজিৰ তাৰিখলৈকে ভাৰতত 17,48,99,783 নমুনা পৰীক্ষা কৰা হৈছে ৷

18,177 new cases take indias virus tally to 1,03,23,965
ভাৰতত নতুনকৈ 18,177 গৰাকী ক'ৰণাত আক্ৰান্ত

নেচনেল ডেস্ক, 3 জানুৱাৰী :একেটা দিনতে 18,177 গৰাকী নতুন ক'ৰণা আক্ৰান্তৰ সৈতে ভাৰতত এতিয়ালৈকে ক'ভিড-19 ত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা 1,03,23,965 লৈ বৃদ্ধি হৈছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি সমগ্ৰ দেশত আৰোগ্যৰ হাৰ 96.15 শতাংশলৈ আগবঢ়াই ভাৰতত এতিয়ালৈকে মুঠ 99,27,310 গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিছে ৷

দেশত যোৱা 24 ঘন্টাত একেলগে 217 গৰাকী ক'ৰণাত আক্ৰান্ত মৃত্যুৰ সৈতে ভাৰতত মুঠ ক'ৰণা আক্ৰান্তৰ সংখ্যা এতিয়া 1,03,23,965 লৈ বৃদ্ধি পোৱাৰ পৰিৱৰ্তে মৃত্যৰ সংখ্যা 1,49,435 লৈ বৃদ্ধি পাইছে ৷

বৰ্তমান দেশত 2,47,220 গৰাকী লোক ক'ৰণাত আক্ৰান্ত হৈ আছে আৰু এই সংখ্যা মুঠ আক্ৰান্তৰ 2.39 শতাংশ বুলি জানিব পৰা গৈছে ৷ আইচিএমআৰৰ মতে 2 জানুৱাৰী লৈকে 17,48,99,783 টা নমুনা পৰীক্ষা কৰা হৈছে আৰু শনিবাৰৰ দিনটোত 9,58,125 নমুনা পৰীক্ষা কৰা হয় ৷

লগতে পঢ়ক:নিৰ্বাচন প্ৰক্ৰিয়াৰে হ'ব COVID-১৯ প্ৰতিষেধকৰ টীকাকৰণ : হৰ্ষবৰ্ধন

ABOUT THE AUTHOR

...view details