অসম

assam

50 ঘন্টাৰ অন্তত 60 ফুট তলৰ পৰা উদ্ধাৰ নদীম

By

Published : Mar 22, 2019, 8:36 PM IST

Updated : Mar 22, 2019, 10:44 PM IST

সেনা আৰু NDRF বাহিনীৰ চেষ্টাৰ বলত উদ্ধাৰ হয় 18 মহীয়া নদীম

50 ঘন্টাৰ অন্তত 60ফুট তলৰ পৰা উদ্ধাৰ নদীম

হাৰিয়ানা, 22 মাৰ্চ : শ্বাসৰুদ্ধকৰ 50 টি ঘন্টা৷ জীৱনৰ লগত যুদ্ধ এটি 18 মহীয়া সন্তানৰ ৷ হাৰিয়ানাৰ এক ভয়ংকৰ খৱৰ ৷ গাৰ নোম সিঁয়ৰি উঠা এক শিহৰণকাৰী ঘটনা ৷ বুধবাৰে 18 মহীয়া এটি কণমানি শিশু পৰিছিল 60 ফুট গভীৰ নলি-নাদ (বোৰবেল)ত ৷ নদীম নামৰ এটি কণমানিয়ে সমনীয়াৰ লগত খেলি থকা সময়তে হঠাৎ সোমাই পৰে 60 ফুট দ-গভীৰ নলী-নাদটোত ৷ ঘটনা সংঘটিত হোৱাৰ লগে-লগে স্থানীয় ৰাইজে সেনা আৰু NDRF বাহিনীক খবৰ দিয়াত তৎকালীন উদ্ধাৰ কাৰ্যত নামি পৰিছিল সেনা আৰু NDRF বাহিনী ৷

50 ঘন্টাৰ অন্তত 60ফুট তলৰ পৰা উদ্ধাৰ নদীম


সেনা আৰু NDRF বাহিনীয়ে গতানুগতিক ভাৱে উদ্ধাৰ কাৰ্য চলাই গৈছিল, ঘন্টাৰ পিছত ঘন্টা পাৰ হৈ গৈছিল যদিও সক্ষম হোৱা নাছিল নদীমক উদ্ধাৰ কৰিবলৈ ৷ অৱশেষত 50 ঘন্টাৰ পিছত শুকুৰবাৰে সেনা আৰু NDRF বাহিনীয়ে 60 ফুট তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নদীমক ৷ ইতিমধ্যেনদীমক প্ৰেৰণ কৰা হৈছে চিকিৎসাললৈ ৷ সেনা আৰু NDRF বাহিনীৰ এই সফলতাৰ বাবে নদীমৰ পৰিয়ালৰ লগতে হাৰিয়ানাবায়ীয়ে সেনা আৰু NDRFক জনাই শুভেচ্ছা ৷

Last Updated : Mar 22, 2019, 10:44 PM IST

ABOUT THE AUTHOR

...view details