নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী: ৰাজস্থানৰ পুৰাতত্ত্ব আৰু ঐতিহাসিক স্থাপত্যৰ চহৰ বিকানেৰ ৫৩৪ বছৰ পূৰ্বে ৰাও বিকাজিয়ে নিৰ্মাণ কৰিছিল । এই পাঁচটা শতকত যথেষ্ঠ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছে বিকানেৰ । দেশ-বিদেশৰ দৰ্শনাৰ্থীসকলে বিকানেৰৰ জৈন মন্দিৰ দৰ্শনৰ বাবে অগনণ ভক্তৰ সোঁত বয় । বিকানেৰৰ এটা প্ৰাচীন মন্দিৰ ভাণ্ডাশ্বাহ জৈন মন্দিৰ । বিকানে চহৰ প্ৰতিষ্ঠা কালচোৱাতকৈও দুই দশক পুৰণি ভাণ্ডাশ্বাহ জৈন মন্দিৰ । উল্লেখ্য যে, বিকানেৰক হাজাৰ হেভলিচ চহৰ বুলিও কোৱা হয় । লগতে বিকানেৰৰ মিঠাই আৰু ভুজিয়াৰ সোৱাদৰ বাবে বিশ্বজুৰি বিখ্যাত ।
প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ বিকানেৰৰ প্ৰাচীন মন্দিৰ ভাণ্ডাশ্বাহ জৈন মন্দিৰটো নিৰ্মাণৰ সময়ত পানীৰে নিৰ্মাণ নকৰি ৪০ কুইন্টল দেশী ঘিউৰে নিৰ্মাণ কৰা হৈছিল । ৫৫২ বছৰ পূৰ্বে স্থাপিত জৈন মন্দিৰটো শেঠ ভাণ্ডাশ্বাহে নিৰ্মাণ কৰিছিল । ৪৬ বছৰ ধৰি এই মন্দৰিটোৰ নিৰ্মাণকাৰ্য চলিছিল আৰু ৫০৬ বছৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল । শুনিবলৈ আঁচৰিত লাগিলেও এয়াই সচা । বিকানেৰ চহৰৰ মন্দিৰত সৰ্বোচ্চ শীৰ্ষত এই মন্দিৰটোৰ শিল্প কৰ্ম অতুলনীয় ।
প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ উল্লেখ্য যে, মন্দিৰটো ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় স্বীকৃতিৰে স্মৃতিস্তম্ভ হিচাপে অন্তৰ্ভুক্ত কৰিছে । গ্ৰীস্মকালত মন্দিৰটোৰ মজিয়া তেলেতীয়া ধৰণৰ মসৃণ হৈ পৰে । মন্দিৰটোৰ এই ঐতিহাসিক স্থাপত্য দেখি দেশ-বিদেশৰ দৰ্শনাৰ্থীসকল বিস্মিত হৈ পৰে । জয়ছালমেৰী হালধীয়া শিল আৰু ইটালিয়ান মাৰ্বলেৰে মন্দিৰটো নিৰ্মাণ কৰাত ইয়াৰ সামগ্ৰিক সৌন্দৰ্য অধিক আকৰ্ষণীয় কৰি তুলিছে ।
প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ প্ৰথমে মন্দিৰটো ৭ মহলাৰে নিৰ্মাণ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল । দুৰ্ভাগ্যবশতঃ মন্দিৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহওতে শেঠ ভাণ্ডাশ্বাহৰ মৃত্যু হৈছিল । তাৰপাচত ৭ মহলাৰ পৰিৱৰ্তে ৩ মহলাৰে নিৰ্মাণ কৰা হয় । বহু ঐতিহাসিক অট্টালিকা, যুদ্ধ আৰু সমসাময়িক ঘটনাৰ ওপৰত আধাৰিত শিল্পকৰ্মৰ সৈতে মন্দিৰটো নিৰ্মাণ কৰা হয় । মন্দিৰটোৰ উচ্চতা ইমানেই বেছি যে তৃতীয় মহলাৰ পৰা সমগ্ৰ বিকানেৰ চহৰৰ দৃশ্য উপভোগ কৰিব পাৰে দৰ্শনাৰ্থীসকলে ।
লগতে পঢ়ক:পশ্চিমবংগত বিজেপি-তৃণমূল কৰ্মীৰ সংঘৰ্ষ