অসম

assam

ETV Bharat / bharat

Sourav Ganguly tests Covid 19 Positive : কৰ’ণাত আক্ৰান্ত হৈছে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি (Sourav Ganguly tests Covid 19 Positive) । এই খবৰ পোহৰলৈ অহাৰ পিছতে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত ৷

By

Published : Dec 28, 2021, 11:58 AM IST

bcci-president-sourav-ganguly-tests-positive-for-covid-19
COVID-১৯ত আক্ৰান্ত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী

নেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত (Sourav Ganguly tests Covid 19 Positive) ৷

শাৰিৰীক অসুস্থতাৰ বাবে স্বাস্থ্য পৰীক্ষা কৰাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷ মঙলবাৰে গাংগুলীক ভৰ্তি কৰোৱা হৈছে কলকাতাৰ উডলেণ্ড হাস্পতালত ৷ সোমবাৰে সন্ধিয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকী কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা ধৰা পৰিছিল ৷ গাংগুলীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, চলিত বছৰৰ জানুৱাৰী মাহত খেলুৱৈগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ হৃদযন্ত্ৰৰ সমস্যাত ভোগাৰ বাবে সৌৰভ গাংগুলীৰ কেইবাটাও অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল ৷ পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ৷

লগতে চাওক:Kanpur Metro Rail Project : আজি কানপুৰত মেট্ৰ' ৰে'ল প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ABOUT THE AUTHOR

...view details