নেশ্যনেল ডেস্ক,13 এপ্ৰিল : ৰাজস্থানৰ জয়পুৰৰ তাৰকা হোটেল ফেয়াৰ মাউণ্টত গোপন বৈঠকৰ বাবে উপস্থিত হোৱা অসমৰ সদ্য নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা 20 গৰাকী এআইইউডিএফ দলৰ প্ৰাৰ্থীয়ে সোমবাৰে পৰিদৰ্শন কৰে জয়পুৰৰ ঐতিহ্যপূৰ্ণ স্থানসমূহ ৷ হাতী চাফাৰী কৰাৰ লগতে আমেৰ প্ৰাসাদ পৰিদৰ্শন কৰে প্ৰাৰ্থী কেইগৰাকীয়ে ৷
জয়পুৰৰ আদৰ্শ নগৰ বিধানসভাৰ অসমৰ বিধায়ক ৰফিক খানে আমেৰৰ পৰ্যটনস্থলীসমূহ পৰিদৰ্শন কৰোৱাত সহায় কৰে প্ৰাৰ্থী কেইগৰাকীক । এআইইউডিএফৰ প্ৰাৰ্থী কেইগৰাকীয়ে হোটেল ফেয়াৰ মাউণ্টৰ পৰা বাছযোগে আমেৰ প্ৰাসাদত উপস্থিত হয় । প্ৰাৰ্থী কেইগৰাকীৰ সৈতে অসামৰিক পোছাক পিন্ধা আৰক্ষীও নিয়োগ কৰা হয় ৷
প্ৰাৰ্থী কেইগৰাকীৰ আমেৰ প্ৰাসাদত আগমনৰ বিষয়ে প্ৰাসাদ কৰ্তৃপক্ষয়ো অৱগত হোৱা নাছিল ৷ আমেৰৰ সৌন্দৰ্যক লৈ প্ৰাৰ্থীকেইগৰাকী প্ৰশংসাত পঞ্চমুখ হয় ৷ তেওঁলোকে দিৱান-ই-আম, দিৱান-ই-খাছ, মন সিং মহল, শিখ মহলৰ সৌন্দৰ্য আৰু স্থাপত্য প্ৰয়োজনীয় বুলি বৰ্ণনা কৰে ।