নেশ্য়নেল ডেস্ক, ১১ডিচেম্বৰ:অমৃতসৰৰ পৰা দিল্লীলৈ যোৱা কৃষক সংগঠনবোৰে লুধিয়ানা ৰে'ল ষ্টেচনত আৰক্ষীৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হয় (farmers argument Ludhiana railway police)। এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত কৃষকসকলে কিছু সময়ৰ বাবে লুধিয়ানা ৰে'ল ষ্টেচনত ৰে'লপথ অৱৰোধ কৰে । অৱশ্য়ে জ্যেষ্ঠ বিষয়া আৰু ৰে'ল ষ্টেচন কৰ্তৃপক্ষৰ হস্তক্ষেপত পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে (Ludhiana railway station)। এই বিষয়ে সদৰি কৰিছে ৰে'ল ষ্টেচন কৰ্তৃপক্ষই ।
উল্লেখ্য় যে কৃষক আন্দোলনৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কৃষি আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা কৃষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সমগ্ৰ পঞ্জাৱৰ কৃষক সংগঠনসমূহে বৃহৎ সংখ্যাত দিল্লীলৈ যাত্ৰা কৰে (Farmers organizations protest at Ludhiana station) । নিশা কৃষক সংগঠনবোৰৰ সদস্য়সকলে লুধিয়ানা ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ পিছতেই ষ্টেচনত নিয়োজিত আৰক্ষী কৰ্মীসকলৰ সৈতে তৰ্কত লিপ্ত হয় । পৰিস্থিতিৰ অৱনতি হোৱাৰ পিছত কৃষকসকলে ৰে'লখনৰ সন্মুখলৈ আহি প্ৰতিবাদ আৰম্ভ কৰে ।
উক্ত ঘটনাৰ পিছত আৰ পিএছ চি বিষয়া আৰু ৰেল কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায় যদিও তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অৱশ্য়ে কিছুসময় পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰ পিএছ চি বিষয়া আৰু ৰেল কৰ্মচাৰীসকলে ।