অসম

assam

By

Published : Jun 11, 2023, 10:31 PM IST

ETV Bharat / bharat

AAP's mega rally: দিল্লীত কেজৰিৱালৰ বিৰুদ্ধে বেনাৰ আঁৰিলে বিজেপিয়ে

দিল্লীৰ ৰামলীলা মৈয়দানত আপ’ৰ মহা ৰেলী (AAP's mega rally) ৷ আপ’ৰ মহা ৰেলীত অংশ গ্ৰহণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ অধ্যাদেশক লৈ কঠোৰ সমালেচনা প্ৰধানমন্ত্ৰী মোদীক ৷

amid aaps mega rally in ram leela maidan
আপ’ৰ মহা ৰেলীৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ

নেচন্যেল ডেস্ক, 11 জুন: প্ৰশাসনিক সেৱাৰ নিয়ন্ত্ৰণৰ ওপৰত জাৰি কৰা অধ্যাদেশক লৈ ৰাজনৈতিক মহলত বাক যুদ্ধ ৷ দেওবাৰে দিল্লীৰ ৰামলীলা মৈয়দানত আপ’ৰ মহা ৰেলীত অংশ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীক কঠোৰ সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ প্ৰশাসনিক সেৱাৰ নিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰৰ অধ্যাদেশৰ পাচতে এই বাক যুদ্ধ ৷ ‘‘প্ৰধানমন্ত্ৰীয়ে দেশৰ যত্ন ল'ব নোৱাৰে কিন্তু তেওঁ প্ৰতিদিনে সাৰ পায় আৰু দিল্লীত কৰা উন্নয়নমূলক কাম বন্ধ কৰে (Aam Aadmi Party's mega rally at Ramlila Maidan) ।’’

‘‘কেন্দ্ৰই জাৰি কৰা অধ্যাদেশটো ৰাষ্ট্ৰীয় ৰাজধানীৰ লোকসকলৰ বাবে অপমানজনক ৷ বিৰোধী এক গোট হওক অন্যথা গণতন্ত্ৰ নহয় মোদীতন্ত্ৰ চলিব ৷ কেৱল দিল্লীয়ে নহয় সমগ্ৰ দেশবাসীয়ে ইয়াৰ পৰিণাম ভোগিব ৷ এতিয়া দিল্লীত জনতা সৰ্বোচ্চ নহয়, এতিয়াৰ পৰা লেঃ গৱৰ্ণৰে সৰ্বেসৰ্বা হ’ব ৷ দিল্লীত চৰকাৰ কাৰ হ’ব সেয়া নিৰ্ধাৰণ কৰে জনতাই কিন্তু প্ৰধানমন্ত্ৰী মোদীয় কয় মই চৰকাৰ চলাম ৷ মই গম পাইছো এয়া মোদী চৰকাৰৰ প্ৰথম আক্ৰমণ (Centre's ordinance on services in Delhi) ৷’’

‘‘আজি দিল্লী কাইলৈ ৰাজস্থান ,পঞ্জাব, মধ্যপ্ৰদেশ বা মহাৰাষ্ট্ৰৰ বাবেও এই অধ্যাদেশ জাৰি কৰিব ৷ ইয়াৰ আগতে আমি সকলোৱে বাধা দিব লাগিব ৷’’ এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷

লগতে পঢ়ক:Wrestler protest : ব্ৰীজ ভূষণে মুকলিকৈ ঘূৰি ফুৰিছে, অত্যধিক চাপত আছে নাবালিকাৰ পিতৃ: বজৰং পুনিয়া

ইফালে কংগ্ৰেছৰ নেতা কপিল চিব্বালে কৈছিল প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ সময় আহি পৰিছে । কেন্দ্ৰই ১৯ মে'ত দিল্লীত গ্ৰুপ-এ বিষয়াসকলৰ স্থানান্তৰ আৰু নিযুক্তিৰ বাবে এক কৰ্তৃত্ব ৰখাৰ বাবে অধ্যাদেশ জাৰি কৰিছিল ৷ সেই অধ্যাদেশ আপ দলে সেৱা নিয়ন্ত্ৰণৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা বুলি অভিহিত কৰিছিল । ৰ্সব্বোচ্চ ন্যায়ালয়ে আৰক্ষী, ৰাজহুৱা শৃংখলা আৰু ভূমি সম্পৰ্কক বাদ দি দিল্লীত সেৱাৰ নিয়ন্ত্ৰণ নিৰ্বাচিত চৰকাৰক হস্তান্তৰ কৰাৰ নিৰ্দেশ আছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সেৱাৰ নিয়ন্ত্ৰণৰ ওপৰত জাৰি কৰিছিল অধ্যাদেশ ৷ যাৰ বাবে দেশৰ ৰাজধানী অধিক গৰম হৈ পৰিছে ৷

দিল্লীৰ ৰামলীলা মৈয়দানত সেৱা সন্দৰ্ভত কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে আম আদমী পাৰ্টীৰ মেগা ৰেলীৰ মাজতে ভাৰতীয় জনতা পাৰ্টীয়ে দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক টাৰ্গেট কৰি সামাজিক মাধ্য়মত সমালোচনা আৰু প’ষ্টাৰ ফালি দিয়াৰ ঘটনা সংঘটিত হৈছে । ইফালে বিজেপিয়েও চাৰিওফালে ডাঙৰ প’ষ্টাৰ আৰু বেনাৰ লগাইছে ৷ কেজৰিৱালৰ বাসগৃহৰ নৱীকৰণক লৈ আপক আক্ৰমণ আৰম্ভ কৰিছে বিজেপি কৰ্মীয়ে (BJP's poster war against CM Kejriwal)।

ABOUT THE AUTHOR

...view details