অসম

assam

ETV Bharat / bharat

১২ অক্টোবৰৰ পৰা 'বিজয় যাত্ৰা' আৰম্ভ কৰিব অখিলেশ যাদৱে

পুৰণি কৌশল অৱলম্বন কৰি ৰাজপাট দখলৰ মন সমাজবাদী পাৰ্টী(Samajwadi Party)ৰ সভাপতি অখিলেশ যাদৱ(Akhilesh Yadav)ৰ । বিজয় যাত্ৰাৰে ৰাইজৰ কাষ চপাৰ পৰিকল্পনা কৰিছে দলটোৱে । ১২ অক্টোবৰৰ পৰা 'সমাজবাদী বিজয় যাত্ৰা' আৰম্ভ কৰিব সমাজবাদী পাৰ্টীয়ে ।

Samajwadi Vijay Yatra
১২ অক্টোবৰৰ পৰা 'বিজয় যাত্ৰা' আৰম্ভ কৰিব অখিলেশ যাদৱে

By

Published : Oct 6, 2021, 11:06 AM IST

নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ: তৃতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশত 'বিজয় যাত্ৰা' আৰম্ভ কৰিবলৈ সাজু হৈছে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ । ১২ অক্টোবৰৰ পৰা 'সমাজবাদী বিজয় যাত্ৰা' আৰম্ভ কৰিব সমাজবাদী পাৰ্টীয়ে । দলটোৱে বিশ্বাস কৰে যে, অখিলেশৰ এই যাত্ৰাই দলটোক ক্ষমতালৈ অহাৰ সুযোগ দিয়ে । দলটোৱে এনেদৰে ভবাৰো থল আছে ।

কিয়নো, এনে যাত্ৰাই পূৰ্বেও দলটোৰ ভাগ্য উদয় কৰিছে । দলটোৰ মুখপাত্ৰ ৰাজেন্দ্ৰ চৌধুৰীয়ে কয় যে, ২০০২ৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে ২০০১ চনত ক্ৰান্তি ৰথ যাত্ৰা কৰিছিল অখিলেশে । ২০০২ চনত দলটোৱে উত্তৰ প্ৰদেশৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় । ২০১২ চনৰ নিৰ্বাচনৰ সময়তো এই যাত্ৰা অতি সুফলদায়ক বুলি বিবেচিত হৈছিল ।

২০১১ চনত এই যাত্ৰা কৰাৰ পাছতে ২০১২ চনত অখিলেশে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল । মুখপাত্ৰজনে কয় যে, "বিজয় যাত্ৰা"ৰ উদ্দেশ্য হৈছে বিজেপি চৰকাৰৰ "দুৰ্নীতিগ্ৰস্ত, স্বৈৰাচাৰী, অত্যাচাৰী আৰু দমনমূলক" নীতি সন্দৰ্ভত ৰাইজক সজাগ কৰা আৰু প্ৰকৃত গণতন্ত্ৰৰ পুনৰুদ্ধাৰ কৰা । তেওঁ লগতে কয় যে, সমাজবাদী পাৰ্টীৰ সভাপতিয়ে বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ 'সমাজবাদী বিজয় যাত্ৰা' আৰম্ভ কৰিব ।

২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে চলোৱা প্ৰচাৰৰ এক অংশ হিচাপে সমাজবাদী পাৰ্টীয়ে এই যাত্ৰা আৰম্ভ কৰিব এই যাত্ৰাই সমগ্ৰ ৰাজ্যক সামৰি ল'ব । এই যাত্ৰা লক্ষ্ণৌৰ পৰা আৰম্ভ হ'ব আৰু প্ৰথম খন বৈঠক উন্নাওত অনুষ্ঠিত হ'ব । চৌধুৰীয়ে কয় যে, পৰ্যায়ক্ৰমে যাত্ৰা কৰিবলগীয়া পথবোৰ বিষয়ে ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details