নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : ৰাজস্থানৰ জয়পুৰস্থিত ফেয়াৰম’ণ্ট হোটেলৰ পৰা শুকুৰবাৰে অসমলৈ ৰাওনা হৈছে এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী ৷ মুঠ 8 দিন ধৰি বিলাসী হোটেলখনত থাকি বৈঠকত ভাগ লোৱাৰ পাচত জয়পুৰৰ পৰা বিদায় লৈছে দলটোৰ প্ৰাৰ্থীসকলে ৷ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ আৱেষ্টনীৰ মাজেৰে হোটেলৰ পৰা বাছেৰে জয়পুৰ বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা বিমানযোগে অসমলৈ যাব এআইইউডিএফ প্ৰাৰ্থীসকল ৷
উল্লেখ্য যে, চলিত মাহৰ 9 তাৰিখে জয়পুৰৰ বিলাসী হোটেল ফেয়াৰম’ণ্টত উপস্থিত হৈছিল এইবেলি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী ৷ হোটেলত উপস্থিত হোৱাৰ পাচতে ৰাজস্থান চৰকাৰৰ চীফ হুইপ ড৹ মহেশ যোশীৰ লগতে বিধায়ক ৰফীক খানে সম্বৰ্ধনা জনায় প্ৰাৰ্থীসকলক ৷ ইয়াৰ পূৰ্বেও দেশখনৰ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ প্ৰাৰ্থীসকলক এইখন হোটেলৰ এটা বেষ্টনীত ৰখা হৈছিল ।
বিগত বৰ্ষত ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ সময়তো কংগ্ৰেছ বিধায়কসকলক হোটেল ফেয়াৰমাউণ্টতেই ৰখা হৈছিল । আকৌ এবাৰ অসম বিধানসভা নিৰ্বাচনৰ পাচত কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত এইসকল এআইইউডিএফ প্ৰাৰ্থীক ফেয়াৰম’ণ্টলৈ নিয়া হয় ।