আগৰতলা,১৭ মাৰ্চ :ত্ৰিপুৰাত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লৈছে (Unemployment problem in Tripura)। বিশেষকৈ শিক্ষিত নিবনুৱাসকলে চাকৰিৰ সন্ধানত থকাৰ পাছতো চৰকাৰে নতুন নিযুক্তি দিয়া নাই । বিগত প্ৰায় ৬ বছৰ ধৰি ৰাজ্যখনত নতুনকৈ অভিযন্তা নিযুক্তি দিয়া হোৱা নাই । যাৰ বাবে ক্ষোভিত হৈ পৰিছে চাকৰিৰ সন্ধানত থকা শিক্ষিত অভিযন্তাসকল ।
ইতিমধ্যে এই সন্দৰ্ভত নিবনুৱা অভিযন্তাৰ এটা দলে চৰকাৰৰ উৰ্ধতম কতৃপক্ষলৈ পত্ৰও প্ৰেৰণ কৰিছে । অভিযন্তাসকলৰ এনে দুৰ্দশাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে জাঙুৰ খাই উঠিছে সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছ (AITC)। বুধবাৰে এক সংবাদমেলযোগে দলটোৱে নিবনুৱা সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে । ৰাজ্যখনৰ ৫,০০০ অভিযন্তাক তাৎক্ষণিকভাৱে নিযুক্তি প্ৰদানৰ বাবে দলটোৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকে দাবী জনায় (Subal Bhowmik demanded immediate recruitment of engineers)।
ভৌমিকৰ মতে এটা সময় আছিল যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনত চেইল (SAIL) আৰু কোল ইণ্ডিয়াত (Coal India) বহুতো অভিযন্তাক নিযুক্তি দিয়া হৈছিল । কিন্তু ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত যুৱ পেছাদাৰীসকলক নিযুক্তি দিয়া হোৱা নাই বুলি তেওঁ অভিযোগ কৰে ।