অসম

assam

Union Budget 2023 : কৃষি ষ্টাৰ্ট-আপ বৃদ্ধিৰ বাবে বিশেষ পুঁজি ঘোষণা বিত্ত মন্ত্ৰীৰ

By

Published : Feb 1, 2023, 1:17 PM IST

যুৱ উদ্যোগীসকলৰ দ্বাৰা গ্ৰহণ কৰা কৃষি ষ্টাৰ্ট-আপক উৎসাহিত কৰাৰ বাবে এটা কৃষি ত্বৰক পুঁজি (Agriculture Accelerator Fund, AAF) স্থাপন কৰা হ'ব । বিত্ত মন্ত্ৰীয়ে বুধবাৰে সংসদত উত্থাপন কৰা বাজেট ২০২৩-ত এই কথা ঘোষণা কৰে ।

Budget
Budget

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী :মঙলবাৰৰ পৰা আৰম্ভ হৈছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট অধিবেশন (Union Budget 2023) । ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হোৱা বাজেট অধিবেশনত বুধবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে তেওঁৰ চলিত কাৰ্যকালৰ অন্তিমখন বাজেট (Union Finance Minister Nirmala Sitaraman) । বুধবাৰে তেওঁৰ বাজেট ভাষণত বিত্ত মন্ত্ৰীয়ে উদ্যোগীসকলৰ দ্বাৰা আৰম্ভ কৰা কৃষি ষ্টাৰ্ট-আপৰ প্ৰচাৰৰ বাবে কৃষি ত্বৰক পুঁজি স্থাপনৰ কথা ঘোষণা কৰে (Agriculture Accelerator Fund to promote agri startups) । সীতাৰমণে কৃষি ঋণৰ লক্ষ্যও ২০ লাখ কোটিলৈ বৃদ্ধি কৰে । "পশুপালন, দুগ্ধ জাত আৰু মীন পালনৰ ওপৰত গুৰুত্ব দি কৃষি ঋণৰ লক্ষ্য ২০ লাখ কোটি টকালৈ বৃদ্ধি কৰা হ'ব ।" সীতাৰমণে সংসদত কয় ।

সদনত বাজেট ভাষণ বিত্ত মন্ত্ৰীৰ

বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৃষিৰ বাবে এক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (digital public infrastructure for agriculture) এক মুক্ত উৎস, মুক্ত মানদণ্ড আৰু আন্তঃকাৰ্যকৰী ৰাজহুৱা মঞ্চ হিচাপে নিৰ্মাণ কৰা হ'ব । যিয়ে শস্য পৰিকল্পনাৰ বাবে কৃষককেন্দ্ৰিক সমাধান বিকশিত কৰাত সহায় কৰিব । ইফালে অৰ্থনৈতিক সমীক্ষাত (Economic Survey) প্ৰকাশৰ এদিন পিছত এইটো ঘোষণা কৰা হৈছে যে কৃষিয়ে ভাল প্ৰদৰ্শন কৰিছে । কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱ, বৰ্ধিত আভ্যন্তৰীণ ব্যয় আদিৰ দৰে প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিবলৈ কৃষি খণ্ডটোক "পুনৰ-অভিমুখীকৰণ"ৰ (re orientation) প্ৰয়োজন ।

বাজেট ভাষণত বিত্ত মন্ত্ৰীয়ে কয়, ভাৰতত কৃষি খণ্ডত বিগত ছয় বছৰত 4.6 শতাংশৰ এক উমৈহতীয়া বাৰ্ষিক বিকাশৰ হাৰ (common annual growth rate, CAGR) দেখা গৈছে । 2013 চনৰ পৰা 2023 বিত্তীয় বৰ্ষলৈ, কৃষি খণ্ড আৰু গ্ৰাম্য উন্নয়নৰ বাবে আৱণ্টন 12 শতাংশৰ CAGR বৃদ্ধি হোৱাৰ লগতে সামগ্ৰিক বাজেট 11 শতাংশ হাৰত বৃদ্ধি হৈছে (allocations to agriculture sector) ।

যদিও জনসংখ্যাৰ এক বৃহৎ অংশ জীৱিকাৰ বাবে কৃষি খণ্ডৰ ওপৰত নিৰ্ভৰশীল, কম উপাৰ্জন আৰু বৰ্ধিত ব্যয়ৰ বাবে খণ্ডটো এতিয়াও অকাৰ্যকৰী হৈ আছে । পূৰ্বৱৰ্তী বাজেটত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ বাবে মুঠ আৱণ্টন আছিল 1.32 লাখ কোটি টকা । যিটো ইয়াৰ পূৰ্বৰ বাজেটতকৈ 0.7 শতাংশ অধিক আছিল ।

বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে কৃষি খণ্ডত খেতিয়কসকলক ধৰি ৰখাৰ বাবে এক উন্নত চুক্তি নিশ্চিত কৰাৰ বাবে উন্নত কৃষি সংস্কাৰ আৰু বাণিজ্যিকীকৰণ আৰু বৈচিত্ৰকৰণৰ দিশত আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে ।

লগতে পঢ়ক :Union Budget 2023 : মধ্যবিত্তৰ বাবে বৃহৎ সকাহ : 7 লাখলৈকে আয়কৰ শূন্য

ABOUT THE AUTHOR

...view details