অসম

assam

ETV Bharat / bharat

দিল্লীত প্ৰথম পৰ্যায়ত 9 লাখ লোকক প্ৰদান কৰা হ'ব কৰ'ণাৰ প্ৰতিষেধক - FIRST PHASE

কৰ‘ণাৰ প্ৰতিষেধক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে কয় যে, কৰ‘ণাৰ প্ৰ‘টকল অনুসৰি সবাতোকৈ আগত স্বাস্থ্যকৰ্মী সকলক প্ৰতিষেধক প্ৰদান কৰা হ‘ব ৷ তাৰ পাছতে কৰ‘ণাৰ সময়ছোৱাত সন্মুখত থাকি কাম কৰি থকা মানুহখিনি আৰু ইয়াৰ পাছত 50 উৰ্ধৰ লোক সকলক প্ৰতিষেধক প্ৰদান কৰা হ‘ব ৷

9-lakh-people-will-be-given-vaccine-in-first-phase-in-delhi
দিল্লীত প্ৰথম পৰ্যায়ত 9 লাখ লোকক প্ৰদান কৰা হ'ব কৰ'ণাৰ প্ৰতিষেধক

By

Published : Jan 3, 2021, 9:55 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী : দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে কয় যে, শনিবাৰে দিল্লীত কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈছে 494 গৰাকী লোক ৷ কৰ‘ণাত আক্ৰান্তৰ এই সংখ্যা বিগত 7 মাহতকৈ অধিক সময়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে 500 তকৈ কম সংখ্যা হিচাপে অন্তৰ্ভুক্ত হৈছে ৷ 2020 চনৰ 17 মে‘ৰ পাছত ৰাজ্যখনত এয়াই সৰ্বনিম্ন আক্ৰান্তৰ সংখ্যা বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ তদুপৰি সংক্ৰমণৰ হাৰক লৈ তেখেতে কয় যে, বৰ্তমান কৰ‘ণাৰ সংক্ৰমণৰ হাৰ হ্ৰাস পাই 0.73 শতাংশ পাইছে ৷ অৰ্থাৎ এক হাজাৰ লোকৰ কৰ‘ণা পৰীক্ষা কৰিলে মাত্ৰ 7 গৰাকী লোক পজিটিভ হিচাপে চিনাক্ত হৈছে ৷

উল্লেখ্য যে, কৰ‘ণাত আক্ৰান্তৰ এই সংখ্যা এটা সময়ত 15 শতাংশলৈকে আছিল আৰু এক হাজাৰ লোকৰ ক‘ভিড টেষ্ট কৰালে 150 গৰাকী লোক কৰ‘ণাত আক্ৰান্ত ধৰা পৰিছিল ৷

সতেন্দ্ৰ জৈনে কৰ‘ণাৰ প্ৰতিষেধক সন্দৰ্ভত মন্তব্য কৰি কয় যে, কৰ‘ণাৰ প্ৰ‘টকল অনুসৰি, সবাতোকৈ আগত স্বাস্থ্যকৰ্মী সকলক প্ৰতিষেধক প্ৰদান কৰা হ‘ব ৷ ইয়াৰ পাছতে কৰ‘ণাৰ সময়ছোৱাত সন্মুখত থাকি কাম কৰি থকা লোকক আৰু তাৰ পাছত 50 উৰ্ধৰ লোক সকলক প্ৰতিষেধক প্ৰদান কৰা হ‘ব ৷ তেওঁ লগতে কয়, প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী সকলক এই প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ দিল্লীত প্ৰায় 3 লাখ স্বাস্থ্যকৰ্মী আৰু প্ৰায় 6 লাখ ফ্ৰণ্টলাইন কৰ্মচাৰী আছে ৷ সবাতোকৈ আগত সেই 9 লাখ লোককহে কৰ‘ণাৰ প্ৰতিষেধক প্ৰদান কৰা হ‘ব ৷

লগতে পঢ়ক : পশ্চিমবংগত ধৰ্মীয় নেতাৰ সৈতে আছাদউদ্দিন ওৱেচিৰ বৈঠক

ABOUT THE AUTHOR

...view details