অসম

assam

ETV Bharat / bharat

NITI Governing Council Meeting : প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নীতি আয়োগৰ বৈঠকত অনুপস্থিত 10 মুখ্যমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত নীতি আয়োগৰ বৈঠকত অনুপস্থিত দহখন ৰাজ্যৰ মুখ্যমন্ত্ৰী (10 Chief Ministers Skip NITI Aayog Meeting) । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় অধ্যাদেশৰ বিৰোধিতাৰে বৈঠকত উপস্থিত নথকাৰ কথা উল্লেখ কৰে । আনহাতে, এনডিএ আৰু বিৰোধীৰ পৰা সমদূৰত্ব বজাই ৰখা ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে উপস্থিত নথকা বুলি কয় ।

NITI Governing Council Meeting
NITI Governing Council Meeting

By

Published : May 27, 2023, 5:24 PM IST

নিউজ ডেস্ক, ২৭ মে' : শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্ব দিল্লীত অনুষ্ঠিত নিটি আয়োগৰ বৈঠক বৰ্জন কৰিলে দেশৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে (8th NITI Aayog Governing Council Meeting) । তেওঁলোক হৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাও, পশ্চিমবংগৰ মমতা বেনাৰ্জী, বিহাৰৰ নীতিশ কুমাৰ আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক । ইয়াৰে ভিতৰত অশোক গেহলটে বৈঠকত উপস্থিত নোহোৱাৰ কাৰণ হিচাপে স্বাস্থ্যজনিত কথা উল্লেখ কৰিছে । কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে অৱশ্যে তেওঁৰ অনুপস্থিতিৰ কোনো নিৰ্দিষ্ট কাৰণ প্ৰকাশ কৰা নাই (8 Chief Ministers Skip NITI Aayog Meeting) ।

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি কেন্দ্ৰৰ শেহতীয়া অধ্যাদেশৰ কাৰণে বৈঠক বৰ্জন কৰাৰ কথা ঘোষণা কৰে । লগতে অভিযোগ কৰে যে দেশত সহযোগিতামূলক ফেডাৰেলিজমক 'কৌতুক'লৈ পৰিণত কৰা হৈছে (PM Modi chaired NITI governing council meeting) ।

ইফালে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কেন্দ্ৰলৈ লিখা এটা টোকাত কৈছে যে নিটি আয়োগে পঞ্জাবৰ স্বাৰ্থৰ প্ৰতি মনোযোগ নিদিয়ে । যাৰ বাবে তেওঁ বৈঠক বৰ্জন কৰিব । উল্লেখ্য যে বিগত বছৰৰ আগষ্ট মাহত অনুষ্ঠিত পূৰ্ববৰ্তী বৈঠকত মুখ্যমন্ত্ৰীয়ে গ্ৰামোন্নয়ন পুঁজি (আৰডিএফ), খেৰ জ্বলোৱা আৰু কৃষকসকলৰ উদ্বেগৰ বিষয়বোৰ উত্থাপন কৰিছিল । কিন্তু বিষয়বোৰৰ প্ৰতি কেন্দ্ৰই কোনো মনোযোগ দিয়া নাছিল বুলি তেওঁ অভিযোগ কৰে । লগতে এই বৈঠকক কেৱল 'ফটো ছেছন' বুলি অভিহিত কৰি ভগৱন্ত মানে তেওঁৰ টোকাত কৈছে যে অমীমাংসিত সমস্যাবোৰ সমাধান নোহোৱালৈকে সভাত অংশগ্ৰহণ কৰি কোনো লাভ নাই ।

আন তিনিগৰাকী মুখ্য বিৰোধী নেতা ক্ৰমে তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাও, পশ্চিমবংগৰ মমতা বেনাৰ্জী আৰু বিহাৰৰ নীতিশ কুমাৰে আগন্তুক বছৰৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ এক বিশাল ঐক্যবদ্ধ বিৰোধী মৰ্চা গঠন কৰিবলৈ চেষ্টা কৰি আছে । তেওঁলোকেও এই বৈঠকৰ পৰা আঁতৰি আছে ।

উল্লেখ্য যে এনডিএ আৰু বিৰোধী দুয়োৰে পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখা ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কো বৈঠকত অনুপস্থিত থাকে । ওড়িশাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে তেওঁ বৈঠকত উপস্থিত থাকিব নোৱাৰিলে ।

আনহাতে, বিজেপিয়ে কয় যে বৈঠকত উপস্থিত নথকা মুখ্যমন্ত্ৰীসকলে এক গুৰুত্বপূৰ্ণ পৰিকল্পনা সভাত তেওঁলোকৰ ৰাইজৰ হকে মাত মতাৰ পৰা বিৰত থাকে । বৈঠকত শতাধিক বিষয় আলোচনাৰ বাবে গ্ৰহণ কৰা হৈছিল । নিটি আয়োগ হৈছে ৰাজ্যসমূহৰ সক্ৰিয় অংশগ্ৰহণেৰে ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰ, খণ্ড আৰু ৰণনীতিৰ এক অংশীদাৰিত্বমূলক দৃষ্টিভংগী বিকশিত কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ ।

"আঠজন মুখ্যমন্ত্ৰীয়ে আজি নিটি আয়োগৰ বৈঠকত উপস্থিত নাথাকে । নিটি আয়োগ হৈছে দেশৰ উন্নয়ন আৰু পৰিকল্পনাৰ বাবে অতি গুৰুত্বপূৰ্ণ । এই বৈঠকৰ বাবে ১০০ টা বিষয় ঠিক কৰা হৈছে । আৰু বৈঠকত অনুপস্থিত থকা মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ ৰাজ্যৰ জনসাধাৰণৰ হৈ মাত মাতিবলৈ ইয়ালৈ অনা নাই । আপোনালোকে মোডীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰু কিমান দূৰ যাব ?" বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে অনুপস্থিত মুখ্যমন্ত্ৰীসকলক সমালোচনা কৰি এনেদৰে কয় ।

লগতে পঢ়ক :Karnataka Cabinet expansion : কৰ্ণাটকৰ ৰাজভৱনত ২৪ মন্ত্ৰীৰ শপত গ্ৰহণ

For All Latest Updates

ABOUT THE AUTHOR

...view details