নেশ্যনেল ডেস্ক, 1 জুলাই : ভাৰত আৰু পাকিস্তানে বৃহস্পতিবাৰে নতুন দিল্লী আৰু ইছলামাবাদত কূটনৈতিক বিশেষ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ জিম্মাত থকা সাধাৰণ নাগৰিক আৰু মাছমৰীয়াসকলৰ তালিকা দাখিল কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰা মতে, এইটো ২০০৮ চনৰ এক চুক্তি অনুসৰি প্ৰতিবছৰে ১ জানুৱাৰী আৰু ১ জুলাইত এনে তালিকা প্ৰদৰ্শন কৰে । ভাৰতে নিজৰ জিম্মাত থকা ২৭১ জন পাকিস্তানী অসামৰিক লোক আৰু ৭৪ জন মাছমৰীয়াৰ তালিকা পাকিস্তানক হস্তান্তৰ কৰে । একেদৰে পাকিস্তানেও তেওঁলোকৰ তাত বন্দী হৈ থকা ৫১ জন লোক আৰু ৫৫৮ জন মাছমৰীয়াৰ তালিকা ভাৰতক অৰ্পণ কৰে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি অনুসৰি চৰকাৰে পাকিস্তানৰ জিম্মাৰ পৰা বন্দী হৈ থকা ভাৰতৰ সাধাৰণ নাগৰিক, সন্ধানহীন ভাৰতীয় প্ৰতিৰক্ষা কৰ্মী আৰু মাছমৰীয়াসকলক তেওঁলোকৰ নাৱৰ সৈতে সোনকালে মুকলি আৰু প্ৰত্যাৱৰ্তন কৰিবলৈ আহ্বান জনাইছে । এই সন্দৰ্ভত ভাৰতীয় বুলি নিশ্চিত হোৱা এজন ভাৰতীয় সাধাৰণ নাগৰিক আৰু ২৯৫ জন ভাৰতীয় মাছমৰীয়াক মুকলি আৰু প্ৰত্যাৱৰ্তন কৰিবলৈ পাকিস্তানক কোৱা হৈছে । তদুপৰি পাকিস্তানৰ জিম্মাত থকা ভাৰতীয় বুলি চিনাক্ত হোৱা আন ১৯৪ জন মাছমৰীয়া আৰু ১৭ জন অসামৰিক লোকক তাৎক্ষণিক কনচুলাৰ প্ৰৱেশাধিকাৰ (consular access) প্ৰদান কৰিবলৈ পাকিস্তানক কোৱা হৈছে ।