নেশ্যনেল ডেস্ক,২৭ জানুৱাৰী: পঞ্জাৱবাসীলৈ আপ চৰকাৰৰ আন এক বিশেষ উপহাৰ । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Delhi CM Arvind Kejriwal) আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি অমৃতসৰৰ পুতলিঘাৰত পাঞ্জাৱবাসীক প্ৰদান কৰিব এই উপহাৰ । ইতিমধ্যে চৰকাৰ গঠন এটা বছৰ নৌহওতেই বহু উন্নয়ণমুখী কাৰ্যৰে জনতাৰ মন জয় কৰিবলৈ সক্ষম হোৱা পঞ্জাৱ চৰকাৰে নতুন বছৰত পঞ্জাৱবাসীলৈ উচৰ্গা কৰিব ৪০০ মহল্লা ক্লিনিক ।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৪০০ খন মহল্লা ক্লিনিক উদ্বোধনৰ বাবে ইতিমধ্যে উপস্থিত হৈছে অমৃতসৰত(400 mohalla clinics to be inaugurated in Amritsar) । AAP নেতৃত্বাধীন পঞ্জাৱ চৰকাৰে দ্বিতীয় পৰ্যায়ত, মুকলি কৰিবলৈ ওলাইছে এই ৪০০ খন মহল্লা ক্লিনিক । এইখিনিতে উল্লেখণীয় য়ে ২০২২ চনৰ ১৫ আগষ্টত ২০২২ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস উপলক্ষে প্ৰথম পৰ্যায়ত ১০০ খন মহল্লা ক্লিনিক উদ্বোধন কৰা হৈছিল ।
২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে(Punjab Chief Minister Bhagwant Mann) বাথিণ্ডাৰ শ্বহীদ ভগত সিং ষ্টেডিয়ামত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । তেওঁ মঞ্চৰ পৰাই জনতাক সম্বোধন কৰি কয় যে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল শুকুৰবাৰে অমৃতসৰত উপস্থিত হ'ব আৰু পাঞ্জাৱীসকলৰ বাবে ৪০০ খন মহল্লা ক্লিনিক মুকলি কৰিব । তেওঁ লগতে উল্লেখ কৰিছিল যে আপে মহল্লা ক্লিনিকৰ বাবে জনসাধাৰণৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে ।