নেশ্যেনেল ডেস্ক, 13 জুলাই:পুনৰ কাশ্মীৰত উত্তেজনা ৷ দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত তিনি প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰ সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ ৷ বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা ৷ শ্বপিয়ান জিলাৰ গগৰণত এই ঘটনা সংঘটিত হোৱা বুলি সদৰী কৰিছে এগৰাকী স্থানীয় বিষয়াই ৷
বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি আহত ব্যক্তি কেইগৰাকী আনৱাল থোকাৰ, হীৰলাল আৰু পাণ্টু বুলি চিনাক্ত কৰা হৈছে আৰু তিনিওজনকে প্ৰথম অৱস্থাত শ্বপিয়ানৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী পৰ্যায়ত তিনিওকে শ্ৰীনগৰৰ শ্ৰী মহাৰাজা হৰি সিং চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ৷ এই আক্ৰমণৰ পাচতে ঘটনা সংঘটিত হোৱা স্থানত মোতায়েন কৰা হয় সুৰক্ষা বাহিনী ৷
উল্লেখ্য যে এইবছৰ কাশ্মীৰত অ-স্থানীয় আৰু সংখ্যালঘুসকলৰ ওপৰত এইটো তৃতীয় আক্ৰমণ । 26 ফেব্ৰুৱাৰীত দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ আচেনত এটা বেংকত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা এজন কাশ্মীৰী পণ্ডিতক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে । তিনি মাহৰ পিছত 29 মে'ত উধমপুৰত এখন ব্যক্তিগত চাৰ্কাছ মেলাত কাম কৰা দীপু নামৰ এজন লোকক গুলীয়াই হত্যা কৰা হৈছিল ৷