হায়দৰাবাদ: ইলেক্ট্ৰিক বাহনৰ ক্ষেত্ৰত থলুৱা গাড়ী নিৰ্মাতা কোম্পানী টাটা মটৰ্ছ হৈছে এক আগশাৰীৰ কোম্পানী । টাটা মটৰছৰ পৰ্টফলিঅ’ত বহুতো ইলেক্ট্ৰিক গাড়ী আছে আৰু ভাৰতীয় বজাৰত এই গাড়ীবোৰৰ চাহিদা যথেষ্ট । ইয়াৰে অন্যতম হৈছে কোম্পানীটোৰ ইভি হেচবেক টাটা টিয়াগো ইভি, যিখন বজাৰত বিক্ৰীৰ বাবে উপলব্ধ ।
জনাও যে টাটা টিয়াগো ইভি হৈছে গাড়ী নিৰ্মাতা কোম্পানীটোৰ প্ৰাৰম্ভিক ইভি অফাৰসমূহৰ ভিতৰত অন্যতম, যিয়ে এতিয়া এক নতুন মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে । টাটা মটৰ্ছৰ পৰা পোৱা তথ্য অনুসৰি এই ইলেক্ট্ৰিক গাড়ীখনে মুকলি কৰাৰ পিছৰে পৰা 50 হাজাৰ ইউনিটৰ বিক্ৰীৰ পৰিসংখ্যা স্পৰ্শ কৰিছে ।
আপোনাক জনাওঁ যে এই গাড়ীখন 2022 চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ বজাৰত মুকলি কৰা হৈছিল । বজাৰত মুঠ পাঁচখন ইলেক্ট্ৰিক গাড়ী টাটা মটৰ্ছে বিক্ৰী কৰি আছে, ইয়াৰে এই হেচবেকখন অন্যতম । টাটা টিয়াগো ইভিৰ উপৰিও কোম্পানীটোৰ পৰ্টফলিঅ’ত আছে টাটা নেক্সন ইভি, টাটা পাঞ্চ ইভি, টাটা টিগ’ৰ ইভি, টাটা এক্স-প্ৰেছ টি ইভি আৰু নতুন টাটা কাৰ্ভিভি ইভি ।
ভেৰিয়েন্ট আৰু ৰঙৰ বিকল্প
জানিব পৰা মতে, টাটা মটৰ্ছে অহা বছৰ টাটা হেৰিয়াৰ ইভি, ছাফাৰী ইভি, আভিনিয়া আৰু টাটা ছিয়েৰা ইভিক এই তালিকাৰ সৈতে সংযোগ কৰিব । টাটা টিয়াগো ইভি চাৰিটা ভেৰিয়েন্টত উপলব্ধ - XE, XT, XZ + আৰু XZ + Lux । এই গাড়ীকেইখন টিল ব্লু, ডেটনা গ্ৰে, ট্ৰপিকেল মিষ্ট, প্ৰিষ্টিন হোৱাইট আৰু মিডনাইট প্লাম ৰঙত উপলব্ধ ।