গোলাঘাট, ৮ এপ্ৰিল:অসমৰ স্বাভিমান গামোচাৰ পিচতে এইবাৰ মিচিং জনগোষ্ঠীয় তাঁতশিল্পই লাভ কৰিলে জি আই টেগ । নাবাৰ্ডৰ সহযোগত দেৰগাঁৱৰ দুই স্বেচ্ছাসেৱী সংগঠনে পালে চেষ্টাৰ ফল ৷ অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানৰ হৈ সম্পাদক পংকজ কুমাৰ শৰ্মা আৰু গ্ৰামশ্ৰী সংঘৰ হৈ মুখ্য কাৰ্যবাহী বিষয়া পংকজ বৰুৱাই আই পি আৰ আই কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিছিল জি আই টেগৰ বাবে ৷
দেৰগাঁৱৰ এই দুই সংগঠনে মিচিং তাঁতশালত উৎপাদিত বস্ত্ৰ আৰু পানী মেটেকাৰ পৰা উৎপাদিত সামগ্ৰীৰ বাবে নাবাৰ্ডৰ সহযোগত ২০২২ চনৰ ২৬ অক্টোবৰত ভাৰত চৰকাৰৰ ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগ কৰ্তৃপক্ষৰ ওচৰত পৃথকে পৃথকে জনাইছিল আবেদন ৷ তাৰ লগতে দুই সংগঠনে এই সামগ্ৰীসমূহ উৎপাদনৰ বাবেও গ্ৰামাঞ্চলত আত্মসহায়ক গোট গঠন কৰি সামগ্ৰী সমূহ উৎপাদনত মনোযোগ দিছিল ৷
পদ্মশ্ৰী ডঃ ৰজনীকান্তৰ তত্বাৱধানত সকলো কাম সুকলমে কৰাৰ পিচত আহিল ভাল খবৰটো ৷ নাবাৰ্ডৰ সহযোগত হোৱা এই প্ৰক্ৰিয়াৰ দ্বাৰা মুঠ ১২ বিধ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ ৷ তাৰ ভিতৰত অন্যতম মিচিং তাঁতশিল্প । মিচিং মহিলাই তাঁতশালত বোৱা কাপোৰৰ যথেষ্ট সমাদৰ আছে অসমত । জি আই টেগ লাভ কৰাৰ পাচত এই মহিলাসকলৰ হাতৰ যাদুৱে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ল ।