নলবাৰী, ১ ছেপ্টেম্বৰ :নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত আজি পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত এখন অচিনাক্ত বাহনৰ খুন্দাত প্ৰভাত মেধি (৬০) নামৰ এজন লোক নিহত হয় । আনহাতে,দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হেমন্ত বৰ্মন(৩৪) নামৰ লোকজনৰ চিকিৎসালয়ত মৃত্য়ু হোৱাৰ পিচতেই উত্তাল হৈ পৰে মুকালমুৱাৰ বৰতলা।
মৃতদেহ লৈ ৰাইজে পথ অৱৰোধ কৰি উক্ত স্থানত গতিৰোধক স্থাপনৰ দাবী জনায় । ইয়াৰ পিচতেই আৰক্ষী প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও যেতিয়ালৈ গতিৰোধক স্থাপন নকৰে তেতিয়ালৈকে মৃতদেহ সৎকাৰ নকৰাৰ সিদ্ধান্তত অটল হৈ আছে ক্ষুব্ধ ৰাইজ ।
বৰতলাৰ ৰাইজ ক্ষুব্ধ হৈছে কিয় ?
স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি আজি পুৱা পাঁচ মান বজাত সংঘটিত এই দুৰ্ঘটনাটোত প্ৰভাত মেধিৰ ঘটনাস্থলীতেই মৃত্য়ু হয় । আনহাতে,গুৰুতৰভাৱে আহত হেমন্ত বৰ্মনক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত দিনৰ দুইমান বজাত তেওঁৰ মৃত্য়ু ঘটে ।ইয়াৰ পিচতেই পথ দুৰ্ঘটনাটোত দুজনকৈ লোকৰ মৃত্যু হোৱাত বৰতলাৰ ৰাইজ ক্ষুব্ধ হৈ পৰে । ফলত প্ৰভাত মেধিৰ মৃতদেহ লৈ হাজো-দৌলাশাল পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ।
প্ৰতিবাদকাৰীৰ কাষত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান ?