জোনাই, ২০ জুন :‘‘সাম্প্ৰদায়িক বিজেপিৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চকুত চকু থৈ ৰাইজৰ বাবে মাতমতা একমাত্ৰ নেত্ৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । অসমত টিএমচি নতুন দল যদিও ৩৫ বছৰীয়া এই দলে একেৰাহে ১৫ বছৰে পশ্চিমবংগত শাসন কৰি আছে । সমাজৰ দৰিদ্ৰ, দুখীয়া-নিছলা পিছপৰা লোকক লগত লৈ তৃণমূল কংগ্ৰেছ জন্ম হৈছে । এইদল বিলাসী জীৱন যাপন কৰা মানুহৰ বাবে নহয় । খাটি খোৱা মানুহৰ বাবেহে এই দল ।’’ এই মন্তব্য অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷
তেওঁ কয়, ‘‘ক্ষুদ্ৰ উপাৰ্জন কৰি পেট চলাই থকা মানুহৰ বাবে জন্ম হৈছে টিএমচি । কেন্দ্ৰত দহ বছৰীয়া বিজেপি চৰকাৰৰ দিনত ৰাইজৰ ওপৰত কেৱল অন্যায় অত্যাচাৰ কৰাৰ বাহিৰে একো হোৱা নাই, সম্প্ৰদায়ৰ নামত, জনজাতি- অজনজাতি, হিন্দু-মুছলমান কৰি জাতিৰ নামত ভাগ ভাগ কৰি বিভেদ সৃষ্টি কৰা সাম্প্ৰদায়িক দলেই হৈছে বিজেপি ৷’’
বৰাই পুনৰ কয়, ‘‘এইখন চৰকাৰৰ দিনত সাধাৰণ ৰাইজে এমুঠি অন্ন ভালকৈ খাব নোৱাৰা হৈছে । সকলোতে কেৱল আকাশলঙ্ঘী মূল্যবৃদ্ধি । মূল্যবৃদ্ধিয়ে কোঙা কৰা চৰকাৰখনে ৰাইজক অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনিৰ ধন এফালে দিছে যদিও আনপিনেদি দহ গুণে কৰ লগাই সুদে-মূলে তুলি লৈছে । এইখন চৰকাৰে দুইকোটি চাকৰি বছৰি দিব বুলি কোৱাত ৰাইজে ভোট দিছিল যদিও দহ বছৰত ৰাইজক দিয়া প্ৰতিশ্ৰুতি জলাঞ্জলি দিলে চৰকাৰখনে ।’’
উল্লেখ্য যে, সদ্যসমাপ্ত হোৱা লোকসভা নিৰ্বাচনৰ পাচতেই নিজৰ সাংগঠনিক ভেঁটি মজুত কৰাৰ বাবে গাঁৱে ভূঞে নামি পৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটিয়ে । বুধবাৰে ধেমাজি জিলাৰ মাজবৰাৰী ৰাসমন্দিৰত চিচিবৰগাঁও ব্লক তৃণমূল কংগ্ৰেছৰ উদ্যোগত এক বৃহৎ যোগদান কাৰ্যসূচী আয়োজন কৰা হয় ।
তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত কুমাৰ ৰয়ে আঁতধৰা যোগদান কাৰ্যসূচীত উপস্থিত থাকি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় ভাৰতবৰ্ষৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত একমাত্ৰ শক্তিশালী বিৰোধী দলেই হৈছে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ ।
শেহতীয়াকৈ সদ্যসমাপ্ত হোৱা লোকসভা নিৰ্বাচনৰ ফলাফলে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পতন হোৱাটো নিশ্চিত হৈ পৰিছে বুলি তেওঁ কয় । ইফালে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ বৰঘৰৰ মাজৰবাৰীত আজি তৃণমূল কংগ্ৰেছত শ শ লোকে যোগদান কৰা কাৰ্যই অহা বিধানসভা নিৰ্বাচনত বিধায়ক ভূৱন পেগুৰো ৰাজনৈতিক কেৰিয়াৰ যৱনিকা পৰিব বুলি কটাক্ষ কৰে ৷