জোনাই, ৯ ছেপ্টেম্বৰ : কঁহুৱা ফুলৰ মাজে-মাজে জীৱনৰ ঐনিতম গাবলৈ মাতিছে জোনায়ে ৷ ওখোৰা-মোখোৰা বালিচৰৰ বাট, তথাপি আপঙৰ ৰাগি লগাই জোনাইত পলুৱাব পাৰে ভাগৰ, জিৰাব পাৰিব শুভ্ৰ-সুকোমল কঁহুৱাৰ ছাঁত ৷
বানৰ সময়ত খাদ্য-বস্ত্ৰ-বাসস্থানৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা জোনাইক ভূ-স্বৰ্গ হিচাবেও অভিহিত কৰা হয় ৷ কিন্তু বানৰ পিছতে শৰতৰ আগমনৰ লগে লগে বানে আৱৰা ভূমিক আৱৰিছে কঁহুৱা ফুলে ৷ ‘‘কঁহুৱা বন, মোৰ অশান্ত মন...’’ সুধাকণ্ঠই গোৱাৰ দৰেই জোনাইৰ দুখ-যাতনাৰ মাজত থকা লোকসকলৰ মন এতিয়া কঁহুৱা বনে মতলীয়া কৰি তুলিছে ৷ জোনাইত ফুলি উঠা কঁহুৱাৰ কাষত বহি স্থানীয় কিশোৰীয়েও গুণগুণাইছে ঐতিতম ৷ দূৰৈৰ পৰা ভাঁহি অহা ঐনিতমৰ সুৰে উতলা কৰিছে সকলোৰে ৷
জোনাইৰ চিয়াৰ নদীৰ পাৰৰ বিস্তীৰ্ণ এলেকাত এতিয়া কঁহুৱাৰ দলিচা ৷ এনে লাগিছে যেন চিয়াঙৰ পাৰত প্ৰকৃতিয়ে আনন্দ উৎসৱ আয়োজন কৰিছে ৷ জোনাইবাসীয়ে দাবী কৰিছে, হাজাৰ দুৰ্যোগেও জোনাইৰ নৈসৰ্গিক সৌন্দৰ্যৰ অনিষ্ট কৰিব নোৱাৰে ৷ কঁহুৱা ফুলৰ দলিচাই যেন তাকেই প্ৰতিপন্ন কৰিছে ৷