অসম

assam

চিকিৎসকৰ গুণ্ডাগিৰি, চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিবলৈ উদ্যত এম্বুলেন্সৰ চালকক - Doctor s hooliganism

By ETV Bharat Assamese Team

Published : 5 hours ago

Heated Situation in Jorhat: যোৰহাটৰ ৰাজপথত এগৰাকী জ্যেষ্ঠ চিকিৎসকজনৰ তাণ্ডৱ । এম্বুলেন্স ৰখাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ উদ্যত হ'ল চিকিৎসকজন । ৱাকিং জ'নৰে এম্বুলেন্স যাবলৈ নিদিও বুলি নাচোৰবান্দা হৈ চিকিৎসকজনে ধৰিলে ৰুদ্ৰৰূপ ।

Senior doctor's aggressive look by stopping an ambulance in Jorhat
চিকিৎসকৰ গুণ্ডাগিৰি (ETV Bharat Assam)

যোৰহাট, ২২ ছেপ্টেম্বৰ: ভগৱানৰ মান্যতা দিয়া চিকিৎসকৰ কৰ্মকাণ্ডই চকু কঁপালত তুলিছে যোৰহাটবাসীৰ । আক্ৰমণকাৰীৰ ৰূপ লোৱা চিকিৎসকে উপদ্ৰৱ চলালে যোৰহাটৰ ৰাজপথত । যোৰহাটৰ এজন বিশেষজ্ঞ চকু চিকিৎসক আৰু সততে সমাজ সেৱাত ব্ৰতী হৈ থকা ডাঃ নাৰায়ণ বৰদলৈৰ আশ্চৰ্যজনক কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে প্ৰত্যেকজন লোকক ।

কাৰণ প্ৰত্যেক দিনাৰ দৰে আজি চকু বিশেষজ্ঞ চিকিৎসক হিচাপে ৰাজ্যত খ্যাতি থকা ডাঃ নাৰায়ণ বৰদলৈয়ে পুৱাই প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈছিল বৰুৱা চাৰিআলিৰ পৰা গিতাৰ্থী পইন্টলৈকে থকা ৱাকিং জ'নলৈ । পুৱা ৫ বজাৰ পৰা পুৱা ৭ বজালৈকে জৰুৰীকালীন সেৱা বাহিৰে অন্য যাতায়ত সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকে উক্ত পথচোৱাত । সেই সময়ৰ ভিতৰত এগৰাকী আঘাতপ্ৰাপ্ত কিশোৰীক লৈ ৱাকিং জ'নৰে আগবাঢ়ি আহিছিল এখন এম্বুলেন্স ।

চিকিৎসকৰ গুণ্ডাগিৰি (ETV Bharat Assam)

পিচে এম্বুলেন্সখন উক্ত পথত প্ৰৱেশ কৰা দেখি খঙত অগ্নিশৰ্মা হৈ পৰি জ্যেষ্ঠ চিকিৎসকজনে ভেটি ধৰে এম্বুলেন্সখনক । উপায়ন্ত হৈ কণমানি ৰোগীসহ এম্বুলেন্সখন ৰখাই নামি আহে চালকসহ অন্যান্য কৰ্মীসকল । এম্বুলেন্সখনৰ কৰ্মকতাই জ্যেষ্ঠ চিকিৎসজন আঘাতপ্ৰাপ্ত কিশোৰীগৰাকীৰ বিষয়ে অৱগত কৰাৰ পিচতো আকোঁৰগোজ জ্যেষ্ঠ চিকিৎসজন ।

এম্বুলেন্সখন ৱাকিং জ'নৰে কোনো কাৰণতে যাব নোৱাৰিব বুলি কৈ তেওঁলোকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় জ্যেষ্ঠ চিকিৎসকজন । আৰক্ষী আৰু পথচাৰী আহি জ্যেষ্ঠ চিকিৎসকজনৰ কাৰ্যক গৰিহণা জনাই এম্বুলেন্সখনক যাবলৈ দিবলৈ অনুৰোধ কৰে । সকলোৰে অনুৰোধ প্ৰত্যাখ্যান কৰি এম্বুলেন্সখন যাবলৈ নিদিও বুলি কৈ পকেটৰ পৰা এখন ছুৰী উলিয়াই জৰুৰীকালীন সেৱা কৰ্মচাৰী, পথচাৰী আৰু আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয় ।

ফলত পথছোৱাত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ । জ্যেষ্ঠ চিকিৎসকজন পৰা ছুৰীখন কাঢ়ি আনিবলৈ চেষ্টা কৰে যদিও বহু সময়ৰ পিচতহে আৰক্ষী সক্ষম হয় । এজন জ্যেষ্ঠ চিকিৎসকৰ হঠাৎ এনে আচৰণে সমগ্ৰ যোৰহাট জিলাতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । কিহৰ বাবে চিকিৎসক হৈয়ো জৰুৰীকালীন সেৱাক বাধা দি তেওঁলোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ উদ্যত হ'ল সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে । ইয়াৰ পিচতেই জ্যেষ্ঠ চিকিৎসকজনক আৰক্ষীয়ে যোৰহাট সদৰ থানালৈ লৈ যায় ।

লগতে পঢ়ক:চিকিৎসালয়ৰ ভিতৰতে কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ; পাঁচ লাখ টকা দাবী আক্ৰমণকাৰীৰ - Miscreants attack on doctor

চিকিৎসকৰ গুপ্তাংগ কাটিলে নাৰ্ছে - NURSE CUT DOCTOR PRIVATE PART

ABOUT THE AUTHOR

...view details