অসম

assam

ETV Bharat / state

চেলেংহাটত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৰাজধানী এক্সপ্ৰেছ - Salehat Railway Station

Rajdhani Express:ৰে'লৱে বৈদ্যুতিক খুটাৰ তাঁৰ কাটি নিশাৰ ভাগত চোৰে ৰে'লৰ আলিৰ ওপৰত একাংশ পেলাই থোৱা বাবেই অঘটন । নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ চকাত সোমাই বৈদ্যুতিক খুটাৰ তাঁৰ ।

Salehat Railway Station
চেলেহাট ৰে'ল ষ্টেচন

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 2:13 PM IST

চেলেহাট ৰে'ল ষ্টেচন

যোৰহাট, ২৮ ফেব্ৰুৱাৰীঃযোৰহাট জিলাৰ মৰিয়নীত মঙলবাৰে দুপৰ নিশা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ । নিশা চোৰে ৰে'লৱে বৈদ্যুতিক খুটাৰ তাঁৰ ৰেলৰ আলিৰ ওপৰত একাংশ পেলাই থৈ যোৱাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ উপক্ৰম ঘটিছিল ।

চেলেহাট ৰে'ল ষ্টেচনৰ সমীপত ৰে'লৰ লাইনৰ দাঁতিত নতুনকৈ স্থাপন কৰা ৰে'লৱে বৈদ্যুতিক খুটাৰ তাঁৰ কাটি নিশাৰ ভাগত চোৰে ৰে'লৰ আলিৰ ওপৰত একাংশ পেলাই থৈ যায় । এই বিষয়ে জ্ঞাত নাছিল ৰে'ল বিভাগৰ লোক । ৰে'ল আলিত সেই সময়ত পৰি থকা তাঁৰ সমূহ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ চকাত সোমাই পৰে । ফলত দ্ৰুত গতিত থকা ৰাজধানী এক্সপ্ৰেছখন হঠাৎ নিজেই নিজেই ৰৈ যায় ৷ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে ৰে'লখন ।

হঠাতেই দুপৰ নিশা এনে ঘটনাটো সংঘটিত হোৱাত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । কি পৰিস্থিতিত ৰাজধানী এক্সপ্ৰেছখন হঠাতে ৰৈ গ'ল সেই বিষয়ে যাত্ৰীসকলে কোনো উৱাদি পোৱা নাছিল । ইয়াৰ পিচতেই ঘটনাস্থলীত ৰে'ল বিভাগৰ বিষয়া-কৰ্মীসকল উপস্থিত হৈ ৰে'ল লাইনত কিদৰে বিদ্যুতৰ তাঁৰ পৰি ৰ'ল সেয়া অনুসন্ধান কৰে । এই সন্দৰুভত তদন্ত কৰা হৈছে বুলি ৰে'ল বিভাগৰ এক সুত্ৰত প্ৰকাশ ।

আনহাতে, দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানত প্ৰায়েই এটা চুৰি চক্ৰই ৰে'লৰ বৈদ্যুতিক তাঁৰ কাটি চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে । আৰু সঘনে চোৰে ৰে'লৱে সামগ্ৰী ওপৰত উপদ্ৰৱ চলাই অহা চক্ৰটোক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে । এই চুৰি চক্ৰটোৰ কুকৰ্মৰ বাবে এখন দ্ৰতবেগী ৰে'ল কথমপি লাইনচুত্য হোৱাৰ পৰা ৰক্ষা পৰিল ।

লগতে পঢ়ক:বৰপেটা চিভিল হাস্পতালত ছিণ্ডিকেটৰাজৰ অভিযোগ

ABOUT THE AUTHOR

...view details