গুৱাহাটী:বুধবাৰে কংগ্ৰেছৰ কেইবাটাও দাবীৰে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীক ৰাজভৱনলৈ যোৱা পথছোৱাত সৃষ্টি হয় এক যুদ্ধসদৃশ পৰিস্থিতিৰ । প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিকে ভাষ্যগ্ৰহণ কৰি থকা অৱস্থাত কোনো ধৰণৰ জাননী নিদিয়াকৈ নিক্ষেপ কৰে কন্দুৱা গেছ । কন্দুৱা গেছ নিক্ষেপ কৰাত প্ৰতিবাদকাৰীকে ধৰি অসুস্থ হৈ পৰে কেইবাগৰাকীও সাংবাদিক ।
কৰ্তব্যৰত আমাৰ সাংবাদিকৰ ওপৰত আৰক্ষীয়ে কোন জাননী নিদিয়াকৈ কন্দুৱা গেছ প্ৰয়োগ কৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে সকলো সংবাদকৰ্মী । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক নিৰ্যাতন বন্ধৰ দাবীত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদত সাব্যস্ত কৰে সাংবাদকৰ্মীসকল ।
উক্ত প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভানেত্ৰী সুস্মিতা গোস্বামীয়ে কয়,"কালিৰ ঘটনাটোয়ে প্ৰথম ঘটনা নহয়, বিভিন্ন সময়ত সাংবাদকৰ্মী আক্ৰমণৰ বলি হ'বলগীয়া হৈছে । এইয়া কেতিয়াও গ্রহণযোগ্য নহয় ।" লগতে আইনগতভাৱে সাংবাদকৰ্মীসকলৰ সুৰক্ষাৰ দাবী জনায় সভানেত্ৰীগৰাকীয়ে ।
ইফালে বুধবাৰৰ এই সমগ্ৰ ঘটনাটোৰ ভুক্তভোগী জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কয়, "সাংবাদিক হিচাপে এনেধৰণৰ ভিন্ন আমি বাতৰি সংগ্ৰহ কৰোঁ । এনেধৰণৰ বাতৰি এটা সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকসকলে জানে যে তাত কেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে । গণতান্ত্ৰিক আন্দোলন এটা হিংসাত্মক দিশলৈ গতি কৰিলে আৰক্ষীয়ে সেয়া নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে ।"