মিচিং শিক্ষকৰ বাবে বিশেষ টে'ট অনুষ্ঠিত কৰাৰ দাবী: মাজুলীত পকুৰ সন্থাৰ শিক্ষা মন্ত্ৰীক তীব্ৰ সমালোচনা - CM Himanta Biswa Sarma - CM HIMANTA BISWA SARMA
Mising POKUR Demands : নতুন শিক্ষা নীতি, ২০২০ৰ অধীনত মিচিং শিক্ষকৰ বাবে 'বিশেষ টে'ট' অনুষ্ঠিত কৰি মিচিং মাধ্যমৰ শিক্ষক পদ সৃষ্টি কৰাৰ বাবে সংবাদমেলৰ জৰিয়তে চৰকাৰলৈ আহ্বান ।
মিচিং শিক্ষকৰ বাবে বিশেষ টে'ট অনুষ্ঠিত কৰাৰ দাবী (ETV Bharat Assam)
ইয়াৰ ভিতৰত নতুন শিক্ষা নীতি, ২০২০ৰ অধীনত মিচিং শিক্ষকৰ বাবে 'বিশেষ টে'ট' অনুষ্ঠিত কৰি মিচিং মাধ্যমৰ শিক্ষক পদ সৃষ্টি কৰাৰ বাবে সংবাদমেলৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনায় ।
সংবাদমেলত কেন্দ্ৰীয় পকুৰ সন্থাৰ সভাপতি মেঘৰাম পায়েং আৰু সাধাৰণ সম্পাদক ব্ৰজেন মিলিয়ে কয়, "অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক ৰাজনৈতিক ক্ষমতা দিয়াৰ পিচতো তেওঁ মিচিংসকলক পাহৰি গৈছে । শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে 'মেডিয়াম অব ইনষ্ট্ৰাকচন' ঘোষণা কৰিব লাগিব । যদিহে ঘোষণা নকৰে তেন্তে পৰৱৰ্তী সময়ত সমগ্ৰ অসমত জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব । তাৰবাবে দায়বদ্ধ হ'ব লাগিব অসম চৰকাৰ ।
শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি সংগঠনটোৰ বিষয়ববীয়াই কয়, "ডাঃ ৰণোজ পেগুক আমি জাতীয় নেতা হিচাপে শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ । ডাঃ ৰণোজ পেগুৱে এসময়ত কৈছিল সমাজৰ উন্নতি সাধনৰ বাবে ৰাজনৈতিক ক্ষমতা লাগে । তাৰ বাবে মোক ৰাইজে সহায় সহযোগিতা কৰিব লাগিব । কিন্তু ৰণোজ পেগুক ৰাজনৈতিক ক্ষমতা দিয়াৰ পিচতো তেওঁ মিচিংসকলক পাহৰি গ'ল ।"
উল্লেখ্য যে সংবাদমেলত পকুৰ সন্থাৰ বিষয়ববীয়াই উল্লেখ কৰে যে সমগ্ৰ অসমতে মিচিং পকুৰ সন্থা একত্ৰিত হৈ আছে আৰু তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে তেওঁলোকে যুঁজ দি যাব ।