গুৱাহাটী,২১ আগষ্ট:গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিবলৈ অসম চৰকাৰৰ নতুন চিন্তা । গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে নামিব এইবাৰ নেডাৰলেণ্ডৰ কোম্পানী । গ্ল'ৱেল টেণ্ডাৰৰ জৰিয়তে বিদেশী কোম্পানীক দিয়া হৈছে এই দায়িত্ব । মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অনুষ্ঠিত এক বঁটা বিতৰণী অনুষ্ঠান উপস্থিত থাকি এনেদৰে জানিবলৈ দিয়ে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ ।
মন্ত্ৰীগৰাকীয়ে কয়,"কৃত্ৰিম বান ৰোধৰ বাবে GMDA ৰ নিবিদা লাভ কৰিছে নেডাৰলেণ্ডৰ ৰয়েল হেক্সকন নামৰ কোম্পানীটোৱে । চাৰ্ভেৰ কাম আৰম্ভ কৰিছে, প্ৰতিবেদন আহিলেই আমি ৰাইজক জনাম । লগতে কয় যে কিছুদিন পূৰ্বে কৃত্ৰিম বান সম্পৰ্কত জনতা ভৱনত হোৱা বৈঠকৰ পিছত বিষয়াসকলে দাখিল কৰি আছে প্ৰতিবেদনসমূহ । সম্পূৰ্ণ প্ৰতিবেদন আহিলেই সকলোকে জনোৱা হ'ব ।"
লগতে তেওঁ কয়,"গুৱাহাটীত পানীৰ বহন ক্ষমতা পূৰ্বে যিমান আছিল আজিও সিমানেই আছে, বহনক্ষমতা বৃদ্ধি হোৱা নাই । এই বহন ক্ষমতা বৃদ্ধি কৰি পানীৰ দিশ আনফালে সলনি কৰিবলৈ বিদেশী প্ৰতিষ্ঠানটোৱে ব্যৱস্থা ল'ব । এতিয়া যি হাৰত মেঘালয়ৰ পৰা পানী আহে, সেই হাৰত পূৰ্বে পানী অহা নাছিল । ইয়াৰ কাৰণ বিশেষজ্ঞ সকলে ক'ব । মই কিবা ক'লে মই বৈজ্ঞানিক নেকি বুলি সমালোচনা কৰিব ।"