অসম

assam

ETV Bharat / state

তিনি দিনৰ আৰক্ষী জিম্মাত ক্ৰিকেট জুৱাৰ চৰ্দাৰ বিকাশ বেৰিয়া; বৰ্তমানেও সন্ধান নাই সহযোগী ভাতৃৰ - IPL gamblers in Tinsukia

IPL gamblers in Tinsukia: তিনিদিনৰ আৰক্ষীৰ জিম্মাত আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়া ৷ বৰ্তমানেও পলাতক অৱস্থাত আছে ভাতৃ নীতিন বেৰিয়া ৷ ভাতৃদ্বয়ৰ বাসগৃহৰ লগতে সহযোগীৰ গৃহৰ পৰা জব্দ লক্ষাধিক টকা ৷

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 7:09 AM IST

Updated : Apr 28, 2024, 9:33 AM IST

mastermind of IPL betting racket Bikash Beria remanded in tinsukia police custody for three days
তিনি দিনৰ আৰক্ষী জিম্মাত ক্ৰিকেট জুৱাৰ চৰ্দাৰ বিকাশ বেৰিয়া; বৰ্তমানেও সন্ধান নাই সহযোগী ভাতৃৰ

তিনি দিনৰ আৰক্ষী জিম্মাত ক্ৰিকেট জুৱাৰ চৰ্দাৰ বিকাশ বেৰিয়া; বৰ্তমানেও সন্ধান নাই সহযোগী ভাতৃৰ

তিনিচুকীয়া, 28 এপ্ৰিল : দেশজুৰি আৰম্ভ হৈছে ক্ৰিকেট উন্মাদনাৰ ৷ সমান্তৰালভাৱে আৰম্ভ হৈছে আই পি এলৰ জুৱাৰ বজাৰখন ৷ প্ৰতিটো বল-বেটত চলিছে দৰ-দাম ৷ এই জুৱাৰ সৈতে জড়িত তিনিচুকীয়াৰ বেৰিয়া ভাতৃদ্বয় ৷

সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ক্ৰিকেটৰ জুৱা খেলাই কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বিকাশ বেৰিয়াই তিনিচুকীয়া আৰক্ষীৰ জালত পৰাৰ পাচতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য । তিনিচুকীয়াৰ পৰাই বিকাশ বেৰিয়া আৰু তেওঁৰ ভাতৃ নীতিন বেৰিয়াই নিয়ন্ত্ৰণ কৰে সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আই পি এলৰ বৃহৎ জুৱা ।‌ আই পি এলৰ জুৱাৰ একচেটিয়া সম্ৰাট হৈ পৰা বেৰিয়া ভাতৃদ্বয়ে কেৱল অসমতেই নহয়, বহিঃৰাজ্যতো গঢ়ি তুলিছে বিশাল‌ সম্পত্তিৰ পাহাৰ ।

উল্লেখ্য যে, বেৰিয়া ভাতৃদ্বয়ে 202 Exchange আৰু Sky Exchange নামৰ দুটা ম’বাইল এপ নিজাকৈ প্ৰস্তুত কৰি বিগত কেবাবছৰ ধৰি ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত মেলিছিল ক্ৰিকেট জুৱাৰ বিশাল সাম্ৰাজ্য ।‌ বেৰিয়া ভাতৃদ্বয়ৰ অন্যতম ঘনিষ্ঠ বুকি গুপ্তা আৰু চৌধুৰী উপাধিৰ ব্যক্তিয়ে ক্ৰিকেট জুৱাৰ এই এপ নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে ।

ইফালে, বেৰিয়া ভাতৃদ্বয়ৰ ক্ৰমে বিশ্বাস, টিকৰা, পাণ্ডে, শিৱা, আগৰৱালা, পণ্ডিত, গোৱেল আৰু পাণ্ডা উপাধিৰ বুকীয়ে সংগ্ৰহ কৰা ধন জমা দিয়ে বিকাশ বেৰিয়াৰ ভাতৃ নীতিন বেৰিয়াক । জানিব পৰা মতে, বিকাশ বেৰিয়াই চোৱা-চিতা কৰিছিল সমগ্ৰ প্ৰক্ৰিয়া ।‌‌

লক্ষণীয় কথাটো হ'ল যে ক্ৰিকেট জুৱা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিকাশ বেৰিয়া জড়িত হৈ পৰিছিল দুটাকৈ ব্যক্তিগত নিউজ পৰ্টেলৰ সৈতে । ইতিমধ্যেই তিনিচুকীয়া আৰক্ষীয়ে বিকাশ বেৰিয়াই ব্যৱহাৰ কৰা নিউজ পৰ্টেলৰ ল'গ' সম্বলিত এখন ফৰ্চুনাৰ বাহন, পৰিচয় পত্ৰৰ লগতে আন‌ কেবাখনো বিলাসী বাহন জব্দ কৰিছে ।

ইফালে শুকুৰবাৰে পুৱাই বিকাশ বেৰিয়াৰ তিনিচুকীয়াৰ মানৱ কল্যাণ পথৰ এপাৰ্টমেণ্টত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে 10 লাখ 76 হাজাৰ 300 টকা ।‌ আনফালে, নীতিন বেৰিয়াৰ গৃহত অভিযান চলাই 8 লাখ 50 হাজাৰ টকা আৰু নীতিন-বিকাশৰ ধনৰ লেনদেন কৰা চৰ্ফৰাজ খানৰ বাসগৃহত অভিযান চলাই 1 লাখ 50 হাজাৰ টকা জব্দ কৰাৰ লগতে আটাইকেইটা বাসগৃহৰ পৰা জব্দ কৰিছে বহু আপত্তিজনক নথি পত্ৰ ।

উল্লেখ্য যে, বিকাশ বেৰিয়াৰ বাসগৃহত অভিযান চলাই চকু কপালত উঠিছিল তদন্তকাৰী আৰক্ষীৰ । কিয়নো কেবা কোটি টকা ব্যয়েৰে বিকাশ বেৰিয়াৰ ভাতৃ নীতিন বেৰিয়াই জুৱাৰ ধনেৰে গঢ়ি তুলিছে অতি উন্নত প্ৰযুক্তিৰ বাসগৃহ । গৃহটোত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰা হয় ফিংগাৰ প্ৰিণ্ট ।

সিমানেই নহয়, আৰক্ষীৰ অনুমান- কেৱল Bathroom টো নিৰ্মাণৰ বাবেই বিকাশ বেৰিয়াই ব্যয় কৰিছে কেবা কোটি টকা ।মন‌ কৰিবলগীয়া যে, বেৰিয়া ভাতৃদ্বয়ৰ বিৰুদ্ধে পূৰ্বে অসম আৰক্ষীৰ অনুসন্ধান শাখাইয়ো‌ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল যদিও দুয়ো পলাতক অৱস্থাত আছিল ।

প্ৰায় ডেৰ বছৰ ধৰি পলাতক অৱস্থাত থকা বেৰিয়া ভাতৃদ্বয়ে বহুবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি মুখ থেকেচা খোৱাৰ পাচত পৰৱৰ্তী পৰ্যায়ত অগ্ৰিম জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহি পুনৰ মেলিছিল ক্ৰিকেট জুৱাৰ বৃহৎ জাল । এই জুৱাৰ জালত ভৰি দি বহু লোকে লাখ লাখ টকা হেৰুৱাই সৰ্বস্বান্ত হৈ পৰি তিনিচুকীয়া আৰক্ষীৰ কাষ চাপিছিল ।

অভিযোগ অনুসৰি, প্ৰতি বছৰে তিনিচুকীয়াৰ শক্তিশালী বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত একাংশ প্ৰভাৱশালী লোকক বিদেশ ভ্ৰমণৰ বাবেও প্ৰেৰণ কৰে ক্ৰিকেট জুৱাৰ সম্ৰাট বেৰিয়া এণ্ড কোম্পানীয়ে । ক্ৰিকেট জুৱাৰ চৰ্দাৰ বিকাশ বেৰিয়া আৰক্ষীৰ জালত পৰিল ঠিকেই কিন্তু সম্প্ৰতি পলাতক অৱস্থাত আছে ভাতৃ নীতিন বেৰিয়া ।

বিগত সময়ত পলাই সাৰিবলৈ সক্ষম হোৱা বেৰিয়া ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় । পূৰ্বৰ সোপাঢিলা স্থিতিৰ বিপৰীতে এইবাৰ যদি আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে বহু তথ্যই পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ।

আনফালে, শনিবাৰৰ আবেলি বিকাশ বেৰিয়াক তিনিচুকীয়া আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই তিনি দিনৰ বাবে নিজৰ জিম্মাত লয় বুলি তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে জানিবলৈ দিছে ।

লগতে পঢ়ক :আৰক্ষীৰ জালত আইপিএল জুৱাৰী, জব্দ ১০ লক্ষাধিক টকা - IPL gambler arrested

Last Updated : Apr 28, 2024, 9:33 AM IST

ABOUT THE AUTHOR

...view details