অসম

assam

লখিমপুৰত বানাক্ৰান্তক সাহায্য প্ৰদান লায়ন্স ক্লাব-লায়ন্স ক্লাব প্ৰেৰণাৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 10:19 PM IST

বৃহস্পতিবাৰে লখিমপুৰ আৰু মাজুলীৰ সীমামুৰীয়া এক দুৰ্গম বানাক্ৰান্ত এলেকাত লায়ন্স ক্লাব আৰু লায়ন্স ক্লাব প্ৰেৰণাই যৌথভাৱে বানাক্ৰান্ত এলেকাৰ ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে । আঁঠুৱা, কম্বল আদিৰ পৰা তেল নিমখ চাউল দালি আদি খাদ্যবস্তুৰ টোপালা আদি ৰাইজৰ মাজত বিতৰণ সংগঠন দুটাই ।

Lions Club and Lions Club Prerna provide flood relief to the flood victims in Lakhimpur
বান সাহায্য প্ৰদান (ETV Bharat Assam)

লখিমপুৰ,২৫ জুলাই: লখিমপুৰত লায়ন্স ক্লাব আৰু লায়ন্স ক্লাব প্ৰেৰণাৰ উদ্যোগত বান সাহায্য বিতৰণ । লখিমপুৰ নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ মাজুলীৰ সীমামুৰীয়া দুৰ্গম বানাক্ৰান্ত এলেকাত বৃহস্পতিবাৰে লায়ন্স ক্লাবৰ লখিমপুৰ জিলা সমিতি আৰু লায়ন্স ক্লাব প্ৰেৰণাৰ লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত বানাক্ৰান্ত এলেকাৰ ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰা হয় ।

বান সাহায্য প্ৰদান (ETV Bharat Assam)

লখিমপুৰ জিলা আৰু মাজুলীৰ সীমামুৰীয়া কুঁহিয়াৰমাৰী, মৰতপুৰ, ধৰ্মপুৰ আদি বানে বিধ্বস্ত কৰা গাঁওসমূহৰ ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে সংগঠনটোৱে । আঁঠুৱা, কম্বল আদিৰ পৰা তেল, নিমখ, চাউল, দাইল আদি খাদ্যবস্তৰ টোপালা আদি ৰাইজৰ মাজত বিতৰণ কৰা হয় । উদ্যোক্তাসকলে এই সাহায্যৰে বানত জুৰুলা হোৱা ৰাইজে সামান্য হ'লেও সকাহ পাব বুলি আশা প্ৰকাশ কৰে ।

এই সাহায্য বিতৰণ কাৰ্যসূচীত লায়ন্স ক্লাবৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আনন্দ আগৰৱালা, কোষাধ্যক্ষ পৱন ৰাঠী, প্ৰাক্তন সভাপতি সত্তৰ সিং গিৰিয়া, মানিক লাল দামৰি, ডাঃ মুন ৰুদ্ৰ পাল, সদস্য ৰাজেশ মালপানী, বিদ্যুৎ বৰা, ভাষ্কৰ বৰা, দেৱানন্দ শৰ্মা, সুভাষ যাদৱ আদিয়ে অংশগ্রহণ কৰে ।

আনহাতে লায়ন্স ক্লাব প্ৰেৰণাৰ সভানেত্রী মন্দিৰা হাজৰিকা বৰগোঁহাই, সম্পাদিকা উৰ্মিলা দিনোদিয়া, কোষাধ্যক্ষ সংগীতা পাটোৱাৰী, প্ৰাক্তন সভানেত্রী চুলতানা তালুকদাৰ, জ্যোৎস্না বৰুৱা আদিয়ে অংশগ্রহণ কৰে । এই শিবিৰৰ পৰা গাঁওসমূহৰ কেইবা শতাধিক পৰিয়ালে সাহায্য গ্রহণ কৰে । চৰকাৰী পৰ্যাপ্ত সাহায্যৰ পৰা বঞ্চিত অঞ্চলটোৰ ৰাইজক লায়ন্স ক্লাবে এনেদৰে সাহায্য প্ৰদান কৰাত ৰাইজে শলাগ জনাইছে ।

লগতে পঢ়ক:মানুহে মানুহৰ বাবে... বানপীড়িতৰ বাবে সুৰ বাহিনীৰ সাহাৰ্য সংগ্ৰহ - Assam Flood 2024

মন্দিয়াত বানাক্ৰান্তৰ সুবিধাৰ্থে বহুমুখী বানপানী আশ্ৰয়গৃহ - Multipurpose Flood Shelter Home

চৰ অঞ্চলৰ বন্যাৰ্তক সাহাৰ্য প্ৰদান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details