অসম

assam

ETV Bharat / state

স্মাৰ্ট মিটাৰত অত্যধিক বিদ্যুৎ মাচুলৰ বিৰুদ্ধে মৰিয়নীত প্ৰতিবাদ - Protest Against APDCL at Morioni - PROTEST AGAINST APDCL AT MORIONI

Protest against APDCL at Morioni : ৰাইজৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে স্মাৰ্ট মিটাৰ । অত্যধিক হাৰত অহা মাচুলে কোঙা কৰিছে দৰিদ্ৰ জনসাধাৰণক । যাৰ বাবে মৰিয়নীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ।

Protest Against APDCL at Morioni
স্মাৰ্ট মিটাৰত অত্যধিক বিদ্যুৎ মাচুলৰ বিৰুদ্ধে মৰিয়নীত প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 7:58 PM IST

যোৰহাট, ১২ আগষ্ট : অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ স্মাৰ্ট মিটাৰে ত্ৰাহি মধুসূদন সোঁৱৰাইছে বিদ্যুৎ গ্ৰাহকক । যাৰ বাবে এই স্মাৰ্ট মিটাৰ সৰ্বসাধাৰণৰ বাবে একপ্ৰকাৰ অভিশাপ স্বৰূপ হৈ পৰিছে । কিয়নো এই স্মাৰ্ট মিটাৰত অহা অত্যধিক হাৰৰ বিদ্যুৎ মাচুলে কোঙা কৰিছে দৰিদ্ৰ জনসাধাৰণক । ফলত ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে । সোমবাৰে মৰিয়নী বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠন তথা ভুক্তভোগী ৰাইজে ।

স্মাৰ্ট মিটাৰত অত্যধিক বিদ্যুৎ মাচুলৰ বিৰুদ্ধে মৰিয়নীত প্ৰতিবাদ (ETV Bharat Assam)

স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যধিক হাৰত জনসাধাৰণৰ পৰা বিদ্যুৎ মাচুল সংগ্ৰহ কৰাৰ অভিযোগ তুলি সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদ কৰিবলৈ ওলাই আহে ভুক্তভোগী ৰাইজ । অসম শক্তি বিতৰক কোম্পানীৰ মৰিয়নী বিদ্যুৎ উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে ।

স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যধিক বিদ্যুৎ মাচুল সংগ্ৰহ বন্ধ কৰা, স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰাসকলৰ মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা, মিটাৰ লগাবলৈ যোৱা ঠিকাদাৰ পক্ষই কৰা ব্লেকমেইলিং আৰু বিদ্যুৎ বিভাগৰ নাম লৈ ভয় দেখুৱাই স্মাৰ্ট মিটাৰ লগাবলৈ বাধ্য কৰা ঠিকাদাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা আৰু অত্যধিক বিদ্যুৎ মাচুল অহা স্মাৰ্ট মিটাৰ বন্ধ কৰাকে আদি কৰি বিভিন্ন দাবী লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, উক্ত দাবীসমূহ উল্লেখ কৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী অভিযন্তালৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই কয়, "স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যধিক বিদ্যুৎ মাচুল সংগ্ৰহে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাই আহিছে । এই সমস্যাসমূহ শীঘ্ৰে সমাধান নকৰিলে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ।"

লগতে পঢ়ক :ৰাজপথত ঘাতকৰূপী ডাম্পাৰৰ দৌৰাত্ম: নিমিষতে প্ৰাণ হেৰুৱালে মেধাৱী ছাত্ৰীয়ে - ROAD ACCIDENT IN NALBARI
লগতে পঢ়ক :ৰাজহুৱা খেলপথাৰ বেদখল কৰি নিৰ্মাণ কৰিছে বিবাহ ভৱন-সংঘ: ৰাইজৰ প্ৰতিবাদ - Encroachment Of Playground

ABOUT THE AUTHOR

...view details