মাজুলী:প্ৰথমবাৰৰ বাবে মহাকুম্ভমেলাত প্ৰদৰ্শন হ'ব অসমৰ সত্ৰীয়া সংস্কৃতি । মাজুলীৰ ঐতিহাসিক আউনিআটি সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ দুগৰাকীৰ নেতৃত্বত সত্ৰ দুখনৰ দুটি বৈষ্ণৱ দলে অংশগ্ৰহণ কৰিব এই মহাকুম্ভমেলাত । প্ৰয়াগৰাজৰ কুম্ভমেলাত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ'ব অসমৰ সত্ৰীয়া সংস্কৃতি ।
মাজুলীৰ পৰা ভাগৱত লৈ শুকুৰবাৰে মহাকুম্ভমেলালৈ যাত্ৰা কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগতে সত্ৰখনৰ এটি বৈষ্ণৱৰ দলে । প্ৰথমবাৰৰ বাবে প্ৰয়াগৰাজত নিৰ্মাণ হৈছে নামঘৰ মণিকূট আৰু ৰাঙলীচ'ৰা ।
কুম্ভমেলাত প্ৰথমবাৰৰ বাবে 'প্ৰাগজ্যোতিষ' নামেৰে বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । সত্ৰাধিকাৰগৰাকীৰ নেতৃত্বত নিৰ্মাণ হৈছে নামঘৰৰ মণিকূট । উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী বৈষ্ণৱ ৰাজীৱ কাকতিৰ লগতে ৰঞ্জন গায়ন, বিপুল খাটনিয়াৰ, লক্ষীৰাম বৰুৱা, পাপু বৰুৱাই ইতিমধ্যে যোৱা ৪ জুলাইৰ পৰা নিৰ্মাণ কৰি আছে নামঘৰ । শিল্পীৰ দল এটাই এই নামঘৰ নিৰ্মাণ কৰিছে । গুৰুজনাৰ অমৰ সৃষ্টি ৰামবিজয় নাট, দশাৱতাৰ নৃত্য, সত্ৰীয়া নৃত্য, গায়ন-বায়ন আৰু ৭ দিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব ।