মাজুলী, 15 জুন : এফালৰ পৰা টকলা হৈছে সেউজীয়া মাজুলী । প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ মাজুলীত শেহতীয়াকৈ উন্নয়নৰ স্বাৰ্থত এহেজাৰজোপা ভিন্ন প্ৰজাতিৰ বৃহৎ আকাৰৰ থলুৱা গছ-বন বিভাগে কাটিবলৈ আৰম্ভ কৰা কাৰ্যই শোকাহত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক ।
পথৰ নিৰ্মাণৰ নামত মাজুলীত কাটি পেলোৱা হৈ হাজাৰোধিক গছ (ETV Bharat Assam) ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে এফালৰ পৰা কাটি তহিলং কৰা হৈছে মাজুলীৰ প্ৰকাণ্ড প্ৰকাণ্ড বৃক্ষ । উন্নয়নৰ বেদীত প্ৰাণাহুতি দিছে মাজুলীৰ পুৰণি বৃক্ষসমূহে । নিঃশেষ হৈ গৈছে সেউজীয়া মাজুলীৰ বৃহৎ আকাৰৰ বৃক্ষ ।
উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণৰ অধীনত নিৰ্মাণ হৈ থকা যোৰহাট-মাজুলী সংযোগী দলঙৰ পৰা চেলেক-ধূনাগুৰি দলঙলৈকে প্ৰায় ৪০.২ কিলোমিটাৰ দৈৰ্ঘৰ পথটো বহলকৈ নিৰ্মাণৰ এক আঁচনিৰ অনুমোদন কৰা হৈছে ৷ ৩.৮০ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া পথটো নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজসমূহ আৰম্ভ হৈছে ।
লগতে পঢ়ক:অমৃত বৃক্ষ আন্দোলনৰ গছবোৰ কি হ'ল ? আপৰ প্ৰশ্ন
নিৰ্মাণকাৰ্য আৰম্ভ হোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুয়োকাষ নানা প্ৰজাতিৰ হাজাৰ হাজাৰ থলুৱা গছেৰে ভৰপূৰ । প্ৰায় ২০-৩০ বছৰীয়া গছবোৰত বছৰৰ বাৰটা মাহেই ভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী পক্ষীয়ে বাহৰ পাতি থাকে । আনহাতে, গছবোৰে সমগ্ৰ পথছোৱাত যি এক নৈসৰ্গিক শোভাবৰ্ধন কৰি আছে, সেই প্ৰাকৃতিক সৌন্দর্যই দেশী-বিদেশী পর্যটকক আকৰ্ষিত কৰি আহিছে ।
বর্তমান উক্ত পথটো নিৰ্মাণৰ স্বাৰ্থতে প্ৰায় এক হাজাৰজোপা সৰু-ডাঙৰ গছ কাটিছে বন বিভাগে । ইতিমধ্যে নামনি মাজুলী অংশত গছ কাটি তহিলং কৰিলে । বৰ্তমান মধ্য মাজুলীত গছ কাটিছে বন বিভাগে । শিমলু, আজাৰ, চিচু, গমাৰি, পোজাৰ, ঔটেঙা, কঁঠাল, বকুল, আঁহত, বৰগছ, জৰি, শিলিখা, বগৰী, আম, ৰাধাচূড়া, কৃষ্ণচূড়া, ম’জ, সৌৰা, ৰঘু, কদম, ভিন্ন জাতৰ বাঁহ, বেত আদি পথ নিৰ্মাণৰ স্বার্থত কাটি পেলোৱা হৈছে । মাজুলীৰ প্ৰকৃতিপ্ৰেমী দল-সংগঠন, ব্যক্তিয়ে পথ নিৰ্মাণৰ বাবে এনেকৈ বৃহৎসংখ্যক গছকটা কাৰ্যত আৱেগিক হৈছে ।
লগতে পঢ়ক:দেশৰ ভিতৰতে বন ধ্বংসৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িলে অসমে
প্ৰকৃতিপ্ৰেমীসকলৰ মতে, উন্নয়নৰ কাৰণে পথটোৰ নিৰ্মাণ যিমান প্ৰয়োজন, গছসমূহ ৰক্ষা কৰি প্ৰকৃতিক সুৰক্ষা দিয়াটোও সমানে গুৰুত্বপূৰ্ণ । আনহাতে জধে-মধে গছ কাটি উন্নয়ণৰ নামত তহিলং কৰিছে ঠিকেই, কিন্তু পিচত এজোপাও গছ ৰোপণ নকৰে বিভাগে ।
গড়মূৰ-জেংৰাইমুখৰ ২০ কিলোমিটাৰ পথ নিৰ্মাণৰ নামত ২০০০ জোপা গছ কাটিলে ঠিকেই, কিন্তু এটা পুলিও ৰোপণ নকৰিলে । আনহাতে মাজুলীৰ ৰাইজে সাধ্যানুযায়ী গছসমূহ ৰক্ষা কৰি মাজুলীৰ প্ৰাকৃতিক বাতাৱৰণ সংৰক্ষণ কৰিবৰ কাৰণে আহ্বান জনোৱাৰ লগতে নিৰ্মাণকাৰ্যৰ পিচতে সমগ্ৰ পথছোৱাত গছপুলি ৰোপণৰ আঁচনি অন্তর্ভুক্তিৰ কাৰণে দাবী জনাইছে ।
লগতে পঢ়ক:বহলাব হেনো পথ ! অমৃত বৃক্ষ ৰোপণৰ হাতেৰেই এফালৰ পৰা কাটি গৈছে মূল্যবান গছ