গুৱাহাটী :গুৱাহাটীৰ ৰাজপথত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদী সমদল । সংসদ ভৱনত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যসভাৰ বিজেপিৰ সাংসদ নাগালেণ্ডৰ এছ ফাংনন কন্যাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে মহানগৰীৰ লতাশিল খেলপথাৰৰ সমীপৰ পৰা মেঘদূত ভৱনলৈ এক প্ৰতিবাদী সমদল উলিওৱা হয় ।
বিজেপিৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত ৰাহুল গান্ধী মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ, ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰক, ছোনিয়া গান্ধী হায় হায়, প্ৰিয়ংকা গান্ধী হায় হায়, ভূপেন বৰা মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ আদি শ্ল’গান দি কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ, প্লে কাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, ‘‘ৰাহুল গান্ধীয়ে মহিলা সাংসদ এছ ফাংনন কন্যাক সদনত যি অপমান কৰিলে তাক তীব্ৰ ধিক্কাৰ দিছো । ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনগত-বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । কংগ্ৰেছৰ বিনাশ কালে বিপৰীত বুদ্ধি হৈছে । পূৰ্বৰে পৰা কংগ্ৰেছে মহিলাৰ ওপৰত অত্যাচাৰ কৰি আহিছে । বাৰম্বাৰ এই ঘটনা ঘটি আহিছে । আমাৰ দাবী ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিব লাগে ।’’