অসম

assam

ETV Bharat / state

বিহপুৰীয়াত হাহাকাৰ : বৃহস্পতিবাৰে ছিগিল 15 কোটিটকীয়া বান প্ৰতিৰোধী মথাউৰি - Assam Flood 2024

Lakhimpur Flood Situation: সোৱণশিৰিৰ বানত চিগিল 15 কোটিটকীয়া বান প্ৰতিৰোধী মথাউৰি ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াত ৷ বিভাগীয় গাফিলতিৰ বাবেই মথাউৰিটো চিগি যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 1:10 PM IST

flood water breaching embankment in Bihpuria of lakhimpur
বিহপুৰীয়াত হাহাকাৰ : বৃহস্পতিবাৰে ছিগিল 15 কোটিটকীয়া বান প্ৰতিৰোধী মথাউৰি (ETV Bharat)

বিহপুৰীয়া, 5 জুলাই:ৰাজ্যত আহাৰমহীয়া বানে ধাৰণ কৰিছে প্ৰলয়ংকাৰী ৰূপ ৷ এই সময়তে ভূতৰ ওপৰত দানহ পৰাদি ঠায়ে ঠায়ে ছিঙি গৈছে বান প্ৰতিৰোধী মথাউৰি ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াত 15 কোটিটকীয়া বান প্ৰতিৰোধী মথাউৰি চিগিল সোৱণশিৰিৰ বানত ৷ নিশাৰ ভিতৰতেই মথাউৰিটো চিগি যোৱাৰ ফলত বিহপুৰীয়া ৰাজহ চক্ৰৰ বাঁহগড়া-ধূনাগুৰি গাঁও পঞ্চায়তৰ ভলুকাগুৰি অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশ ।

বিহপুৰীয়াত হাহাকাৰ : বৃহস্পতিবাৰে ছিগিল 15 কোটিটকীয়া বান প্ৰতিৰোধী মথাউৰি (ETV Bharat)

স্থানীয় লোকে তোলা অভিযোগ অনুসৰি, একমাত্ৰ বিভাগীয় ঠিকাদাৰৰ গাফিলতিৰ বাবেই সৃষ্টি হৈছে এই অনাকাংক্ষিত পৰিস্থিতিৰ ৷ ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় 30 খনকৈ গাঁৱৰ লোক ৷ নিৰ্মাণৰ এবছৰ নৌহওঁতেই মথাউৰিটোৰ শ্লুইচ গেট চিগি যোৱাৰ ফলত আশংকাত ভূগিছে স্থানীয় লোক ।

উল্লেখ কৰা প্ৰয়োজন যে, 15 কোটিটকীয়া এই অভিলাষী আঁচনিখনৰ অন্তৰ্গত এই শ্লুইচ গেটখন নিৰ্মাণৰ বেলিকা স্থানীয় ৰাইজে সেই সময়তে বিজ্ঞানসন্মতভাৱে নিৰ্মাণৰ দাবী জনাইছিল, যদিও স্থানীয় ৰাইজৰ কথালৈ গুৰুত্ব নিদি বিভাগীয় ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে শ্লুইচ গেট নিৰ্মাণ কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

স্মৰ্তব্য যে, ৰাজ্যৰ 29 খন জিলাৰ 107 টা ৰাজহ চক্ৰৰ 3,208 খন গাঁও বৰ্তমানেও পানীত বুৰ গৈ আছে । বানৰ ফলত শিশু আৰু মহিলাকে ধৰি 21.13 লাখ লোক প্ৰভাৱিত হৈ আছে । বাঢ়নী পানীত বুৰ গৈছে 57,018 হেক্টৰ কৃষিভূমি ।

বানৰ ফলত পুনৰ বৃহস্পতিবাৰৰ দিনটোত 6 জন লোকৰ মৃত্যু ঘটিছে । এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 52 জনলৈ ।

ABOUT THE AUTHOR

...view details