গুৱাহাটী :নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত ৰাজ্যৰ ৫ গৰাকী এ চি এছ বিষয়াক নিলম্বন কৰা হৈছে । ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে নিলম্বন কৰে পাঁচগৰাকী এ চি এছ বিষয়াক । তেওঁলোক হৈছে সৰোজ কুমাৰ ডেকা, কাব্যশ্ৰী দিহিঙীয়া, কংকনজ্যোতি শইকীয়া, পৰিস্মিতা দিহিঙীয়া আৰু জিণ্টু শৰ্মা । বদলিৰ নিৰ্দেশ দিয়াৰ পাছতো তেওঁলোকে নতুন কৰ্তব্যস্থলীত যোগদান কৰা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক নিলম্বন কৰা হয় ।
ইয়াৰে ভিতৰত জোনাইৰ সহকাৰী আয়ুক্ত জিণ্টু শৰ্মাক মাজুলীৰ নিৰ্বাচন বিষয়া হিচাপে বদলি কৰা হৈছিল । ২৫ ছেপ্টেম্বৰত এক নিৰ্দেশযোগে তেওঁক বদলি কৰা হৈছিল । কিন্তু তেওঁ যোগদান কৰা নাছিল । ইয়াৰ পিচত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই ১ অক্টোবৰত পত্রযোগে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে যে জিণ্টু শৰ্মাই মাজুলীৰ নিৰ্বাচনী বিষয়া হিচাপে যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল । যাৰ দ্বাৰা তেওঁ কৰ্তৃপক্ষৰ আদেশ অমান্য কৰাৰ লগতে ৰাজহুৱা স্বাৰ্থত কাম কৰাৰ পৰা বিৰত আছিল ।
আনহাতে, জিণ্টু শৰ্মাই ২৭ ছেপ্টেম্বৰত মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্র প্ৰেৰণ কৰি ব্যক্তিগত কাৰণ উল্লেখ কৰি নতুন স্থানত যোগদান কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ লগতে তেওঁৰ মকৰলৰ স্থান গুৱাহাটীৰ ওচৰলৈ স্থানান্তৰ কৰাৰ বাবে অনুৰোধ জনায় । ইয়াৰ দ্বাৰা জোনাইৰ সহকাৰী আয়ুক্ত জিণ্টু শৰ্মাই চৰকাৰী নিৰ্দেশনা উলংঘা কৰা বুলি ৰাজ্য চৰকাৰে জাৰি কৰা জাননীত উল্লেখ কৰা হয় ।
উল্লেখ্য, বদলিৰ ক্ষেত্রত নিৰ্দেশনা লাভ কৰাৰ এসপ্তাহৰ ভিতৰত চাকৰিত যোগদান কৰাটো চৰকাৰী নিয়ম । কিন্তু সেই নিয়ম উলংঘা কৰাৰ বাবে এ চি এছ বিষয়া জিণ্টু শৰ্মাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰিছে । অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, 1964-ৰ নিয়ম 6(1)ৰ অধীনত জিণ্টু শৰ্মাক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে ।