অসম

assam

ETV Bharat / state

সভাপতি হ'বলৈ এজন প্ৰকৃত সাহিত্যিক হ'ব লাগে: ড৹ নগেন শইকীয়া - ASSAM SAHITYA SABHA CONTROVERSY

অসম সাহিত্য সভাৰ নিৰ্বাচনক লৈ বিৰ্তকৰ অন্ত নাই । এইবাৰ অ-সাহ্য়িত্য়িকৰ সাহিত্য সভাৰ মজিয়া দখলৰ অভিযান ।

Assam Sahitya Sabha election
বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 8:37 PM IST

ডিব্ৰুগড়: অসমীয়াৰ স্বাভিমানৰ এক জাতীয় অনুষ্ঠান অসম সাহিত্য সভা । অসমৰ সাহিত্য ক্ষেত্ৰ শক্তিশালী কৰা বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছে ।

কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাৰ প্ৰতিটো কাম-কাজতেই ব্যাপক খেলি-মেলি আৰু বিৰ্তকৰ সৃষ্টি হৈছে । বিশেষকৈ দুটা বছৰৰ মুৰত নিৰ্বাচন আহিলে আৰম্ভ হয় বিতৰ্ক ।

বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়া (ETV Bharat Assam)

পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো অসম সাহিত্য সভাৰ নিৰ্বাচনক লৈ আৰম্ভ হৈছে বিৰ্তক । একাংশ অ-সাহিত্যিকে অসম সাহিত্য সভাৰ ইতিহাসত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ উঠিপৰি লাগিছে । একাংশৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ হাতোৰাত বন্দী হৈছে অসম সাহিত্য সভা । বিষয়বাবকেন্দ্রিক লালসাত এচাম অ-সাহিত্যিকৰ দপদপনিত অসমৰ বৃহৎ জাতীয় অনুষ্ঠানটো ধ্বংসৰ দিশে গতি কৰিছে। ইয়াৰ মাজতে আজি অসম সাহিত্য সভাৰ বিষয়বাবকেন্দ্ৰিক সংঘাতক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াই ।

ড৹ নগেন শইকীয়াৰ ক্ষোভ

সাহিত্য সভাৰ ভিতৰচ'ৰাত আৰম্ভ হোৱা অৰাজক পৰিস্থিতিক লৈ ডিব্ৰুগড়ত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন সভাপতিগৰাকীয়ে । আনকি তেওঁক কোনোবাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক'লে লাজ পোৱা বুলি উল্লেখ কৰি ড৹ নগেন শইকীয়াই কয়," সাহিত্য সভাৰ সভাপতি হিচাপে যিসকলৰ নাম ওলাইছে তাক দেখি শুনি লাগিছে এইখন সাহিত্য সভা হৈ থকা নাই । সেয়ে মোৰ নামৰ আগত প্ৰাক্তন সভাপতি বুলি কোনোবাই ক'লে লাজ পোৱাৰ দৰে হয় । মোৰ যিখন ৰাইটিং পেড তাত মই প্ৰাক্তন সভাপতি বুলি নাই দিয়া । কাৰণ এইটো লাজ লগা কথা হ'ল এতিয়া । মোক সাহিত্য সভাৰ মানুহ বুলি ক'লে গাত যেন আহি চেকাটো লাগেহি । "

সম্পাদকজনো ব্যক্তি স্বাৰ্থ ত্যাগ কৰিব পৰা ব্যক্তি হ'ব লাগে

বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াই ক্ষোভ প্ৰকাশ কৰি কয়," সভাপতি হ'বলৈ এজন প্ৰকৃত সাহিত্যিক হ'ব লাগে । অ-সাহিত্যিক এজনক সাহিত্য সভাৰ দায়িত্ব দিলে সেইখন সাহিত্য সভা হৈ নাথাকে । সম্পাদকজনো নিজৰ ব্যক্তি স্বাৰ্থ ত্যাগ কৰিব পৰা এজন ব্যক্তি হ'ব লাগে ।"

লগতে পঢ়ক:অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল নকৰে ড৹ অনিল শইকীয়াই

কোনে প্ৰকাশ কৰিলে সভাপতিৰ তালিকা ? একো গমেই নাপায় সাহিত্য সভাৰ সভাপতিয়ে !

ABOUT THE AUTHOR

...view details