অসম

assam

ETV Bharat / state

সম্বৰ্ধনা অনুষ্ঠানলৈ বাছি বাছি নিৰ্বাচনী প্ৰাৰ্থীক দিলে নিমন্ত্ৰণ: প্ৰতিক্ৰিয়া দীপ বায়নৰ - Dip Bayan on Assam Nagarik Samaj - DIP BAYAN ON ASSAM NAGARIK SAMAJ

Barpeta Lok Sabha Constituency : এখন বিশেষ পত্ৰই সৃষ্টি কৰিছে বিতৰ্কৰ ৷ যাৰ বিৰুদ্ধে মুখ খুলিছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী দীপ বায়নে ৷ পঢ়ক সবিশেষ ...

DIP BAYAN ON ASSAM NAGARIK SAMAJ
এলাগী হৈছে নেকি দীপ বায়ন ? (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 6:15 PM IST

বৰপেটা, 17 জুন: এখন পত্ৰ আৰু ইয়াকে লৈ চলিছে তুমুল প্ৰতিক্ৰিয়া ৷ পত্ৰখন হৈছে নাগৰিক সমাজৰ ৷ এই বিশেষ পত্ৰখনক লৈ নাগৰিক সমাজ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাজত একপ্ৰকাৰ সৃষ্টি হৈছে সংঘাতৰ ৷

দীপ বায়নৰ খং উঠিছে ! (Etv Bharat Assam)

পিছে কি আছে এই পত্ৰখনত ?

বিগত লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি, অসমত বিজেপিয়ে (মিত্ৰজোঁটৰ সৈতে) লাভ কৰিছিল 11 খন আসন ৷ তাৰ পিচতে কংগ্ৰেছে লাভ কৰিছিল তিনিখনকৈ আসন ৷ সেই ফলাফলৰ পিচতে নৱ-নিৰ্বাচিত সাংসদসকলক সম্বৰ্ধনা জনাইছে দলীয় নেতৃত্বৰ লগতে ভিন্ন প্ৰান্তৰ অনুৰাগী-সমৰ্থকসকলে ৷

লগতে পঢ়ক:সন্ধিয়ালৈ অপেক্ষাত, বৰপেটাত ভাল ফলাফল আহিব কংগ্ৰেছৰ : দীপ বায়ন - Lok Sabha Election Results 2024

ঠিক তেনেদৰে বৰপেটাৰ নাগৰিক সমাজেও আয়োজন কৰিছে সম্বৰ্ধনা অনুষ্ঠানৰ ৷ ইমানখিনিলৈ ঠিকে আছিল, কেণাটো লাগিল তেতিয়াহে যেতিয়া তেওঁলোকে একাংশ নিৰ্বাচনী প্ৰাৰ্থীক আমন্ত্ৰণ কৰাৰ বিপৰীতে আন একাংশক নিদিলে নিমন্ত্ৰণ ৷ নাগৰিক সমাজৰ এনে স্থিতিৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে 3নং বৰপেটা লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত নামি পৰাজয়ৰ সন্মুখীন হোৱা দীপ বায়নে ৷

লগতে পঢ়ক:আশাবাদী মনোৰঞ্জন তালুকদাৰ : ইণ্ডি মিত্ৰজোঁটে দেশত চৰকাৰ কৰিব - LOK SABHA ELECTION RESULTS 2024

বায়নে অভিযোগ উত্থাপন কৰা অনুসৰি, নাগৰিক সমাজে বাছি বাছি নিৰ্বাচনী প্ৰাৰ্থীসকলক নিমন্ত্ৰণ দিছে ৷ নাগৰিক সমাজৰ দ্বাৰা নিমন্ত্ৰিত জয়ী প্ৰাৰ্থীসকলৰ লগতে আছে একাংশ পৰাজিত প্ৰাৰ্থীও ৷ যাৰ ভিতৰত আছে মীৰা বৰঠাকুৰ, লুৰীণজ্যোতি গগৈ, হাফিজ ৰচিদ চৌধুৰী আদি ৷

ইয়াৰ বিপৰীতে বাকীসকল প্ৰাৰ্থী ক্ৰমে উদয় শংকৰ হাজৰিকা, দীপ বায়ন, ৰ’জলীনা তিৰ্কী, গর্জন মুছাহাৰী, প্ৰেমলাল গুঞ্জু, মাধৱ ৰাজবংশীক জনোৱা নাই নিমন্ত্ৰণ । যাক লৈ আৰম্ভ হৈছে বিতৰ্ক ৷ অৱশেষত নাগৰিক সমাজৰ এনে সিদ্ধান্তৰ বিপৰীতে মুখ খুলিছে বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী দীপ বায়নে ৷

লগতে পঢ়ক:আমবাৰীত আবতৰীয়া দেৱালী : অগপৰ মুখ্য কাৰ্যালয়ত ফণীভূষণ চৌধুৰীক আদৰণি - lok sabha election results 2024

ABOUT THE AUTHOR

...view details