অসম

assam

ETV Bharat / state

বুলড’জাৰ আৰু আৰক্ষী বাহিনী লৈ উচ্ছেদ অভিযানত নামিল ডিব্ৰুগড় পৌৰ নিগম - EVICTION DRIVE

ডিব্ৰুগড়ত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে চলিল পৌৰনিগমৰ উচ্ছেদ অভিযান ৷ আৰক্ষী প্ৰশাসনৰ সহযোগত পৌৰনিগমে চলায় এই উচ্ছেদ অভিযান ৷

Eviction by Dibrugarh Municipal Corporation in Dibrugarh
জেচিবিৰ হাতোৰা পৰিল অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 10:47 AM IST

ডিব্ৰুগড় :উত্তৰ-পূবৰ অন্যতম পুৰণি চহৰ ডিব্ৰুগড়ত সৃষ্টি হোৱা যান-জঁটৰ সমস্যাই দীৰ্ঘদিন ধৰি জলা-কলা খুৱাইছে ডিব্ৰুগড়ৰ ৰাইজৰ লগতে ডিব্ৰুগড়লৈ অহা ৰাইজকো । যান-জঁটৰ মূল কাৰণেই হ'ল ডিব্ৰুগড়ৰ একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি পদপথসমূহ দখল কৰি ব্যৱসায় কৰি আহিছে । ফলত মূল পথেদি যাতায়ত কৰিব লগা হৈছে পথচাৰীসকলে । যাৰ বাবে প্ৰতিদিনে তীব্ৰ যান-জঁটৰ সমস্যাৰ সৃষ্টি হৈছে ।

যিহেতু গুৱাহাটী মহানগৰৰ পাছতে ৰাজ্যৰ আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰখন । অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মোহনবাৰী বিমানবন্দৰ আৰু গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে ।

জেচিবিৰ হাতোৰা পৰিল অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত (ETV Bharat Assam)

ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা যান-জঁটৰ এই সমস্যা সমাধানৰ বাবে ৰাইজে ডিব্ৰুগড় প্ৰশাসন আৰু পৌৰনিগমক দাবী কৰি আহিছিল যদিও ৰাইজৰ সমস্যা সমাধান হোৱা নাছিল । কিন্তু সোমবাৰে অভিযানত নামিল ডিব্ৰুগড় পৌৰনিগম । সোমবাৰে সন্ধিয়ালৈকে চলিল ডিব্ৰুগড় পৌৰনিগমৰ উচ্ছেদ অভিযান ।

বুলড’জাৰ চলিল অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত । ডিব্ৰুগড়ত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে পৌৰনিগমৰ চলিল উচ্ছেদ অভিযান । ডিব্ৰুগড় চহৰৰ মানকটা পথৰ চৌকিডিংগী চাৰিআলিৰ পৰা মিলন নগৰ সমীপৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ পথত অবৈধভাৱে গঢ় লৈ উঠা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত সোমবাৰে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ সহযোগত পৌৰনিগমে উচ্ছেদ অভিযান চলায় । আৰক্ষী বাহিনীৰ সহযোগত উচ্ছেদ কৰা হয় অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ । ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ নিজেই উপস্থিত থাকি চলালে এই উচ্ছেদ অভিযান ।

লগতে পঢ়ক :কচুতলিত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে পুনৰ উচ্ছেদৰ নিৰ্দেশ, ইটাভাটা ছীল

উল্লেখযোগ্য যে, ডিব্ৰুগড় পৌৰনিগম পৌৰসভা হৈ থকা সময়তো ডিব্ৰুগড় চহৰত চলোৱা হৈছিল উচ্ছেদ অভিযান । উচ্ছেদ অভিযান চলাই পদপথৰ ব্যৱসায়ীসকলৰ বাবে ব্যৱসায় কৰাৰ বাবে স্থান ঠিক কৰি দিছিল । কিন্তু দিন পাৰ হোৱাৰ লগে লগে পুনৰ ডিব্ৰুগড় চহৰখনৰ গুৰুত্বপূৰ্ণ পথসমূহত পুনৰ গঢ় লৈ উঠিল অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।

সকলোৱে আশা কৰিছে ডিব্ৰুগড় চহৰৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ উচ্ছেদ কৰিলে চহৰখনৰ পথসমূহ সম্পূৰ্ণৰূপে যান-জঁটৰ পৰা মুক্ত হ’ব ।

উচ্ছেদক লৈ কি কয় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰই :

ডিব্ৰুগড় চহৰৰ সকলো অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰা হ'ব । পৌৰ নিগমৰ নিজা ফৌজ নাই, গতিকে আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত দায়িত্ব ল'ব লাগে । ডিব্ৰুগড় চহৰত এই যান-জঁটকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ সাংসদগৰাকীয়েও । এই উচ্ছেদক লৈ ৭ দিনৰ পূৰ্বেই জাননী দিয়া হৈছে । কিছু ব্যৱসায়ীয়ে অনুৰোধ কৰাত এটা দিনৰ সময়ত দিয়া হৈছে । উচ্ছেদ কৰা সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব ।

লগতে পঢ়ক :দীপাৱলীৰ এপষেক পিছত সোণাপুৰত ফটকা ফুটিল কিয় ?

ABOUT THE AUTHOR

...view details