লখিমপুৰ, ২৫ ফেব্ৰুৱাৰী :লখিমপুৰ জিলাত অৱস্থিত দেশৰ দ্বিতীয়খন ত্ৰিবেণী সংগম । অসম-অৰুণাচল সীমান্তৰ জহিং এলেকাস্থিত এই ত্ৰিবেণী সংগমত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় মাঘী পূৰ্ণিমা স্নানোৎসৱ ৷ ইয়াৰ পিচতে লখিমপুৰৰ ত্ৰিবেণী সংগমত লোকাৰণ্য হৈ পৰিছে পৰিৱেশ ।
ৰঙা নৈ, জহিং নৈ আৰু ঢেকিয়ানলা নৈৰ সংগমস্থল আছে লখিমপুৰৰ জহিং এলেকাত ৷ ধৰ্মীয় পণ্ডিতসকলে এই ত্ৰিবেণী সংগমক স্কন্ধ পুৰাণত বৰ্ণিত কুমাৰীকা ক্ষেত্রৰ ত্ৰিবেণী সংগম বুলি অভিহিত কৰিছে । এই ত্ৰিবেণী সংগমত পৌৰাণিক বহু ধৰ্মীয় কাহিনী সংপৃক্ত হৈ থকাৰ কথা উল্লেখ কৰিছে ধৰ্মীয় পণ্ডিতসকলে ।
শেহতীয়াকৈ কেইবছৰ মানৰ পূৰ্বৰে পৰা এই বৰ্ণিত কুমাৰীকা ক্ষেত্রক ত্ৰিবেণী সংগম বুলি চিনাক্ত কৰা হৈছে ৷ এই এলেকাটো স্হানীয় লোকে লক্ষী দ বুলি অভিহিত কৰি পূণ্যস্থান হিচাপে গণ্য কৰি আহিছে । অতীজৰ পৰাই যি কোনো ধৰ্মীয় কাম-কাজত এই লক্ষী দ ৰ পৰাই ৰাইজে জলোত্তলন কৰি আহিছে ।