গুৱাহাটী, 12 জুলাই: অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰচাৰ, প্ৰসাৰ আৰু সামগ্ৰিক উন্নয়নৰ উদ্দেশ্য আগত ৰাখি কাজিৰঙাত নিৰ্মাণ কৰা হ'ব সংহত হস্ততাঁত উদ্যান । বিগত বৰ্ষত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত উদ্যানখনৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
আৱণ্টিত মাটি, ধনৰ পৰিমাণ
হস্ততাঁত বস্ত্ৰ শিল্পৰ সামাজিক আৰু বাণিজ্যিক যোগসূত্ৰ স্থাপনৰ উদ্দেশ্যেৰে কাজিৰঙাৰ সমীপৱৰ্তী বৰজুৰিত 25 বিঘা মাটিত নিৰ্মাণ কৰা হ'ব এই উদ্যানখন । 56 কোটি টকাতকৈ অধিক ধন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই উদ্যানখন । উদ্যানখন নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া লোক নিৰ্মাণ বিভাগে ইতিমধ্যে সম্পূৰ্ণ কৰিছে । অচিৰেই আৰম্ভ হ’ব ইয়াৰ নিৰ্মাণকাৰ্য । অহা তিনি বছৰৰ ভিতৰত উদ্যানখন সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে ।
উদ্যানখনৰ ভিতৰত কি কি থাকিব ?
নতুনকৈনিৰ্মাণহ’বলগীয়া হস্ততাঁত বস্ত্ৰ শিল্প উদ্যানখনৰ ভিতৰত ইণ্ডাষ্ট্ৰিয়েল, কৰ্মাচিয়েল আৰু প্ৰশাসনিক মুঠ তিনিটা বিভাগ থাকিব । এই তিনিটাৰ ভিতৰত থাকিব---
1/ হস্ততাঁত বস্ত্ৰশিল্পৰ খুচুৰা বিপণি, প্ৰদৰ্শনী ক্ষেত্ৰ, শ্ব’ ৰূম আদি ৷
2/ গৱেষক, শিক্ষাৰ্থী ,পৰ্যটকৰ সুবিধাৰ বাবে হস্ততাঁত বস্ত্ৰ শিল্প, ৰেচম ক্ষেত্ৰ প্ৰাৰম্ভিক কাৰ্যকলাপৰ পৰা আৰম্ভ কৰি উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰালৈ সকলো থাকিব ৷
3/ কিদৰে কাপোৰত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে জানিবলৈ প্ৰাকৃতিক ৰংকৰণ ক্ষেত্ৰৰ লগতে থাকিব আধুনিক সুবিধাযুক্ত দুটা বয়ন কেন্দ্ৰ ৷
4/হস্ততাঁত বস্ত্ৰ শিল্পৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শনৰ বাবে হস্ততাঁত প্ৰদৰ্শন কেন্দ্ৰ ৷