বজালী, ২২ জুলাই: প্ৰতিদিনে পুৱা স্বাস্থ্যচৰ্চা কৰি সামাজিক মাধ্যমত ফটো আপলোড কৰা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ব্যতিক্ৰমী ৰূপ ৷ কেৱল শৰীৰচৰ্চা কৰিলেই যেন নহ’ব, সেয়া কামতো আহিব লাগিব ৷ তাকেই যেন প্ৰমাণ কৰি দেখুৱালে অসমৰ চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷
সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্ৰক্ৰিয়া আৰম্ভ (ETV Bharat Assam) এইবাৰ মূৰত চাউলৰ বস্তা কঢ়িয়াই চৰকাৰী আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ অসমত উৎপাদিত ধানৰ পৰাই সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
অনুষ্ঠানত মন্ত্ৰী দাস (ETV Bharat Assam) লগতে পঢ়ক:উচিত মূল্যত বিক্ৰী কৰিছে খেতি কৰা ধান; আনন্দিত ৰাজ্যৰ কৃষক
মন্ত্ৰীগৰাকীয়ে এই কাৰ্যৰ শুভাৰম্ভ কৰি সংবাদ মাধ্যমৰ আগত কয় যে, "আমাৰ ৰাইজৰ মনত প্ৰশ্ন আছিল যে অসমত ইমান ধান উৎপাদন হোৱাৰ পিচতো ৰাজ্য চৰকাৰে পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যৰ চাউল কিয় সুলভ মূল্যৰ দোকানত বিতৰণ কৰে ?"
সেই প্ৰশ্নৰে উত্তৰৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাইজৰ এই প্ৰশ্নৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে অসমৰ স্থানীয় কৃষকৰ পৰা ধান সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত এনেদৰে সংগ্ৰহ কৰা ধানৰ পৰাই চাউল উৎপাদন কৰি সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানত সেই চাউল যোগান ধৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত চাউলখিনি বিতৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷
মন্ত্ৰী দাসৰ সৈতে উপস্থিত থাকে দেৱান ধ্ৰুৱজ্যোতি মৰল (ETV Bharat Assam) সেই অনুসৰি সোমবাৰে বঙাইগাঁও আৰু বিশ্বনাথ জিলাৰ পৰা অসমত উৎপাদিত ধানৰ পৰাই সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয় ৷ পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰে অসমৰ ১০ খন জিলাত এই প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি সদৰী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
লগতে পঢ়ক:Paddy procurement in Assam: ন্যূনতম সমৰ্থিত মূল্যত দহ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য ছটা এজেন্সী
ৰাইজৰ এই প্ৰশ্নৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে অসমৰ স্থানীয় কৃষকৰ পৰা ধান সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত এনেদৰে সংগ্ৰহ কৰা ধানৰ পৰাই চাউল উৎপাদন কৰি সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানত সেই চাউল যোগান ধৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত চাউলখিনি বিতৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷
সেই অনুসৰি সোমবাৰে বঙাইগাঁও আৰু বিশ্বনাথ জিলাৰ পৰা অসমত উৎপাদিত ধানৰ পৰাই সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয় ৷ পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰে অসমৰ ১০ খন জিলাত এই প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি সদৰী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
এই প্ৰক্ৰিয়া সফল কৰিবলৈ ৰাজ্য চৰকাৰক যথেষ্ট পৰিমাণৰ ধানৰ প্ৰয়োজন হ'ব ৷ গতিকে ৰাজ্যৰ কৃষক ৰাইজে যাতে অধিক হাৰত ধান উৎপাদন কৰি এই উদ্দেশ্যক সফল কৰাত সহযোগিতা আগবঢ়াই, তাৰ বাবে মন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায় ৷
উল্লেখ্য যে, এই অনুষ্ঠানত মন্ত্ৰী দাসৰ সৈতে উপস্থিত থাকে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা নিগমৰ উপাধ্যক্ষ দেৱান ধ্ৰুৱজ্যোতি মৰল ৷ মন্ত্ৰীগৰাকীয়ে ৰাইজক অধিক হাৰত ধান উৎপাদন কৰিবলৈ আহ্বান জনালেও মন কৰিবলগীয়া যে, বিগত বছৰত অসম চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যৰ আধা পৰিমাণৰহে ধান ক্ৰয় কৰিবলৈ সক্ষম হয় ৷
অসম চৰকাৰে বছৰি ৰাজ্যৰ কৃষকৰ পৰা ১০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ লৈছিল ৷ বিগত দুবছৰত নিৰ্ধাৰিত লক্ষ্যৰ পৰা বহুদূৰৈত থাকিল ধান ক্ৰয় কৰা চৰকাৰী সংস্থাসমূহ ৷ বিশেষকৈ ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ২০,৯২,৭৫০ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল চৰকাৰে ৷ ছটা ধান ক্ৰয় সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে ক্ৰয় কৰা হয় মাত্ৰ ১১,৬৩,৭৬৬ মেট্ৰিকটন ধান ৷
লগতে পঢ়ক:দুটা বছৰত ধান ক্ৰয়ৰ লক্ষ্যৰ পৰা বহু দূৰৈত থাকিল ছটাকৈ চৰকাৰী সংস্থা