অসম

assam

ETV Bharat / state

যেন বৃন্দাবনৰ সৰগখনহে নামি আহিছে ! শুভ্ৰ জোনাকত মায়াময় নলবাৰীৰ হৰিমন্দিৰ

পুৱাৰভাগত ৯১ খন পতাকা উত্তোলনেৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰা হয় সন্ধিয়াৰ ভাগত ।

Sri Sri Ras Mahotsav in Nalbari inaugurated
শুভ্ৰ জোনাকত মায়াময় নলবাৰীৰ হৰিমন্দিৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

নলবাৰী: ৰাজ্যজুৰি ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিৱেশ । উত্তৰ-পূবৰ আগশাৰীৰ ধৰ্মীয় উপসনাস্থলী নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰতো এইবেলি অনুষ্ঠিত হৈছে ৯১ সংখ্যক ৰাস মহোৎসৱ ।

পুৱাৰভাগত ৯১ খন পতাকা উত্তোলনেৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰা হয় সন্ধিয়াৰ ভাগত । মূলদ্বাৰ শুভ উদ্বোধনেৰে ৯১ সংখ্যক নলবাৰীৰ শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ শুভাৰম্ভ হয় ।

শুভ্ৰ জোনাকত মায়াময় নলবাৰীৰ হৰিমন্দিৰ (ETV Bharat Assam)

এইবেলি নলবাৰীৰ ৰাস মহোৎসৱ শুভ উদ্বোধন কৰে ৯০ দশকৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণত ৰাম আৰু সীতা চৰিত্ৰত অভিনীত অৰুণ গোভিল আৰু দীপিকা ছিখলিয়াই । ইতিমধ্যে নলবাৰীত উপস্থিত হৈছে অভিনেতা-অভিনেত্ৰী দুগৰাকী । লগতে সমগ্র ৰামায়ণ ধাৰাবাহিকৰ কলা-কুশলীসকলো উপস্থিত হৈছে নলবাৰীত । নলবাৰীৰ গৰ্ডন খেলপথাৰৰ পৰা নলবাৰীৰ পবিত্ৰ হৰিমন্দিৰ ৰাস মহোৎসৱলৈ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হয় অভিনেতা-অভিনেত্ৰীসকলক ।

তাৰ প্ৰাকমুহূৰ্তত ৰাসথলীত দেখা গৈছে অজস্ৰ লোকৰ সোঁত । কৃত্ৰিম বৃন্দাবন, মৃন্ময় মূৰ্তিৰ ষ্টলৰ লগতে সমগ্ৰ ৰাসথলী পৰিদৰ্শন কৰিছে অজস্ৰ ভক্তপ্ৰান লোকে । উল্লেখযোগ্য যে মৃন্ময় মূৰ্তিপ্ৰধান নলবাৰীৰ ৰাসত এইবেলিও তিনি তৰপীয় ৰাসৰ সমাহাৰ থাকিব । মৃন্ময় মূৰ্তিৰ লগতে জীৱন্ত ৰাস আৰু পুতলা ৰাসৰ সমাহাৰ ঘটিব নলবাৰী ৰাস মহোৎসৱত । একপ্ৰকাৰ শৰতৰ শুভ্ৰ জোনাকত দ্বিতীয় বৃন্দাবনত পৰিনত হৈছে নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱস্থলী ।

শৰতৰ স্নিগ্ধ জোনাকত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাক প্ৰতীকী ৰূপত উপস্থাপনেৰে উখল-মাখল পৰিৱেশ নলবাৰীৰ পৱিত্ৰ হৰিমন্দিৰ চৌহদত । আনহাতে এইবাৰো নলবাৰী ৰাসত অঘোষিত প্ৰতিযোগিতা হ'ব ভ্ৰাম্যমাণ থিয়েটাৰৰ । ১০ খন থিয়েটাৰে নলবাৰী ৰাসত মঞ্চস্থ কৰিব নাট ।

লগতে পঢ়ক:বাৰেৰহণীয়া সংস্কৃতিৰে তিৰবিৰাই উঠিল হাউলী ৰাস মহোৎসৱ

মাজুলীলৈ যাবলৈ নিমাতীঘাটত কেৱল মানুহ আৰু মানুহ... নিয়োগ কৰিবলগীয়া হ'ল অতিৰিক্ত আয়ুক্ত-দণ্ডাধীশ

ABOUT THE AUTHOR

...view details