নিৰ্বাচনৰ পিচতে ভংগ হ'ব বিজেপি-ইউপিপিএলৰ মিত্ৰতা চিৰাং,১৮ এপ্ৰিল :১৯ এপ্ৰিল অৰ্থাৎ কাইলৈ অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ইফালে অহা ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায় আৰু ৭ মে'ত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে । তাৰ অংশ হিচাপে চিৰাং জিলাৰ কদমতলি চিলাৰায় ভৱনত বি পি এফ দলে নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰে । য'ত দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী উপস্থিত থাকে ।
এই অনুষ্ঠানতে ৩ শতাধিক ইউ পি পি এল তথা অন্যান্য দলৰ কৰ্মী তথা সমৰ্থকে বি পি এফত যোগদান কৰে । চিদলী সমষ্টিৰ বিধায়ক তথা এন ডি এৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বাসগৃহৰ সমীপতে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । হাগ্ৰামা মহিলাৰীয়ে এই সভাত কয় যে তেওঁ বাৰে বাৰে কৈ আছে যে বহুতে বহু কথা ক'ব কিন্তু বিশ্বাস কৰিব নালাগে ।
তেওঁ দাবী কৰা মতে বি পি এফ দলৰ সৈতে আন দলৰ কোনো ধৰণৰ বুজাবুজি বা মিত্ৰতা নাই । তেওঁ আশা কৰা মতে ৰাইজৰ সহায়ত বি পিএ ফ দলে এইবাৰ দুগৰাকীকৈ সাংসদ লাভ কৰিব । তেওঁ লগতে কয় যে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনা হ'ব আৰু তাৰ পিচতে বিজেপি-ইউ পি পি এলৰ মাজত 'ফাটা ফাটি' হ'ব বুলি হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে । হাগ্ৰামাই দাবী কৰা মতে প্ৰমোদ বড়ো নিৰ্বাচনৰ ফলাফলৰ পিচতে নাইকীয়া হ'ব ।
কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীক ভোট দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । কদমতলা শাখা বি পি এফে আয়োজন কৰা এই নিৰ্বাচনী প্ৰচাৰ সভাত ৫০০ৰো অধিক লোক উপস্থিত থাকে । বিৰোধী নেতা চন্দন ব্ৰহ্মক আক্ৰমণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে তেওঁক বি পি এফে ৩ বছৰ পূৰ্বেই বাদ দি থৈছে । গতিকে তেওঁৰ বিষয়ে কৈ একো লাভ নাই বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে । বিজেপি তথা এন ডি এৰ যিমান ডাঙৰ নেতা আহিলেও কোকৰাঝাৰ লোকসভা সমষ্টি আৰু আন সমষ্টিত বি পি এফ দলৰ প্ৰাৰ্থীৰ বিজয় ৰখাব নোৱাৰে বুলিও হাগ্ৰামাই দাবী কৰে ।
লগতে পঢ়ক :হাজাৰ-হাজাৰ সমৰ্থকক লগত লৈ ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিল - Phani Bhushan Choudhury