লখিমপুৰ,১০ ফেব্ৰুৱাৰী :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ লখিমপুৰ জিলাৰ অ'বিচি মৰ্চাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ কৰ্মীসকলে ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ অ'বিচি মৰ্চাই এই প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি কৰ্মীসকলে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদস্থলীত জিলা অবিচি মৰ্চাৰ নেতৃত্বই অভিযোগ কৰা মতে শেহতীয়াকৈ ভাৰত জোড়ো ন্যায় যাত্রাৰ সময়ত ওড়িশাত ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অ'বিচিৰ নহয় বুলি কৈছিল । গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ সময়ত হে তেওঁ অ'বিচিলৈ সলনি হোৱা বুলি কয় ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীৰ এই ভাষ্যই প্ৰধানমন্ত্ৰীৰ লগতে অ'বিচিসকলক অপমানিত কৰা বুলি ক্ষোভ প্ৰকাশ কৰে বিজেপিৰ কৰ্মীসকলে । যাৰ বাবে ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰি বিজেপিৰ অ'বিচি মৰ্চাৰ কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ।