অসম

assam

ETV Bharat / state

জলকীয়া সুঁতি নদীক চেনেল কাটিং কৰি পুনৰ বোৱাই নিয়াৰ চেষ্টা - Revier revive in Jonai - REVIER REVIVE IN JONAI

চিলাপথাৰ-জোনাই সংযোগী ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰি আছে পানী । এই সমস্য়াৰ পৰা হাত সাৰিবলৈ বিধায়ক-সাংসদে ল'লে সিদ্ধান্ত । চেনেল কাটিং কৰি ৩০ খন গাঁৱৰ ৰাইজক ৰক্ষা কৰাৰ চেষ্টা ।

Flood in Jonai
জলকীয়া সুঁতি নদী (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 7:51 PM IST

জোনাই, ১৪ জুলাই: বিগত কিছুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা ঘগৰা আৰু জলকীয়া সুঁতি নদীৰ বাঢ়নী পানী চিলাপথাৰ-জোনাই সংযোগী ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰি আছে ৷ এইদৰে পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰি থকাত ৰাইজে যাতায়তত সমস্য়াৰ সন্মুখীন হ'বলগীয়া হয় । এই সমস্য়াৰ পৰা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্য়ে প্ৰশাসনে জলকীয়া সুঁতি নদীক পুৰণি সুঁতিৰে চেনেল কাটিং কৰি পুনৰ বোৱাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । দেওবাৰৰ পৰা প্ৰশাসনে এই কাম আৰম্ভ কৰে ।

জলকীয়া সুঁতি নদী (ETV BHARAT ASSAM)

উল্লেখযোগ্য যে জলকীয়া সুঁতিৰ নদীৰ ওপৰত দীৰ্ঘদিনৰ পৰা প্ৰায় ৫০ মিটাৰ দৈৰ্ঘৰ ভঙা দলঙখনৰ সমীপত থকা ঘগৰা নদীৰ কলভাৰ্টৰে বৈ আহিছিল পানী । ফলত অলপতে অহা বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি পথৰ ওপৰেদি বাগৰি ভৈৰৱপুৰ, মুক্তিয়াৰ আদি প্ৰায় ৩০ খন গাঁৱত বিস্তাৰ ক্ষতি সাধন কৰে ৷ পৰিস্থিতি অধিক ভয়াৱহ হোৱা প্ৰত্য়ক্ষ কৰি জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষই কিছুদিন পূৰ্বে জলকীয়া সুঁতিৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ।

এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতে দেওবাৰৰ পৰা জিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ লগতে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ উপস্থিতিত কেইবাখনো এক্সাভেটৰৰ সহায়ত জলকীয়া সুঁতি নদীক পুৰণি সুঁতিৰে চেনেল কাটিং কৰি পুনৰ বোৱাই নিয়াৰ চেষ্টা চলোৱা হৈছে । এনেদৰে মৰাসুঁতি স্বৰূপ ঘগৰাক পুনৰবাৰ প্ৰাণ দিয়াৰ ব্যৱস্থা কৰা প্ৰশাসন তথা জনপ্ৰতিনিধিৰ শলাগ লৈছে কাষৰীয়া বহু কেইখন গাঁৱৰ ৰাইজে ।

লগতে পঢ়ক:জোনাইত খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি হাতে-কামে লাগিল গঞা - jonai erosion problems

জোনাইত এসপ্তাহে কৃত্ৰিম বানত আৱদ্ধ কুৰিটা পৰিয়াল - Flash Flood In Jonai

ABOUT THE AUTHOR

...view details