অসম

assam

তিনিচুকীয়াত অনা অসমীয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে অসমীয়া যুৱকক - Attack by Non Assamese people

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 5:35 PM IST

Assamese youth thrashed by non-assamese people: পুনৰ অনা অসমীয়াৰ দপদপনি । আকৌ অনা অসমীয়াই গুণ্ডাগিৰি চলালে তিনিচুকীয়াত । তিনিচুকীয়াত নিশা এজন অসমীয়া যুৱকক এটা অনা অসমীয়া লোকৰ দলে প্ৰহাৰ কৰে গুৰুলাগুৰুলকৈ ।

Assamese youth thrashed by non-assamese people in Tinsukia
অনা অসমীয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে অসমীয়া যুৱকক (ETV Bharat Assam)

তিনিচুকীয়া,২২ আগষ্ট: শিৱসাগৰৰ ঘটনাৰ পাছতো শিক্ষা লোৱা নাই একাংশ অনা অসমীয়াই । বুধবাৰে তিনিচুকীয়াত ১৪ টাকৈ দল-সংগঠনে গুপ্তা মটৰ্চত নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত তলা লগোৱাৰ পাছত নিশা পুনৰ সংঘটিত হয় আন এটা ঘটনা । নিশা তিনিচুকীয়া চহৰৰ শ্বহীদ খৰ্গেশ্বৰ পথত এজন অসমীয়া যুৱকক দলবদ্ধ আক্ৰমণ কৰে ৭-৮ জনীয়া এটা অনা অসমীয়া লোকৰ দলে ৷ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰিদীপ ডেকা নামৰ যুৱকজন । পৰৱৰ্তী সময়ত লোকজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় আৰু মূৰত প্ৰায় ৭ টাকৈ চিলাই কৰিব লগা হয় ৷

অনা অসমীয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে অসমীয়া যুৱকক (ETV Bharat Assam)

অভিযোগ অনুসৰি, বাট এৰি দিবলৈ কোৱাৰ বাবেই সংঘটিত হয় উক্ত ঘটনা । পৰৱৰ্তী সময়ত যুৱকজনৰ পৰিয়ালে তিনিচুকীয়া সদৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । এজাহাৰ দাখিল কৰাৰ পাছতে ভুক্তভোগী যুৱকজনৰ বাসগৃহত তিনিচুকীয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । ইতিমধ্যে উক্ত ঘটনাৰ স’তে জড়িত অজয় সিং নামৰ এজন যুৱকক আটক কৰিছে বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে ।

আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সৰৱ হৈ পৰিছে তিনিচুকীয়াৰ ১৪ টাকৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠন । এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে সংগঠন কেইটাই । দল-সংগঠনৰ নেতৃত্বই ভুক্তভোগী যুৱকজনৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনে উচিত ব্যৱস্থা ল’বলৈ দাবী জনায় । অন্যথা সকলো দল-সংগঠনে একত্ৰিত হৈ যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক:অনা-অসমীয়া বণিয়াৰ টিঘিলঘিলনি : উত্তপ্ত তিনিচুকীয়া - Agitation against non Assamese

খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া দুৰ্বৃত্তৰ আক্ৰমণ: শিৱসাগৰত 30 টা সংগঠনৰ প্ৰতিবাদ - Protest in Sivasagar

ABOUT THE AUTHOR

...view details