অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্রী নে অসমৰ মুগেমবু, অসমৰ চৰদাৰ: প্ৰশ্ন মীৰা বৰঠাকুৰ গোস্বামীৰ - MIRA BORTHAKUR GOSWAMI

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ ৷ সামাজিক মাধ্যমৰ জড়িয়তে মুখ্যমন্ত্ৰী শৰ্মাক কটাক্ষ মীৰা বৰঠাকুৰৰ ৷

CM HIMANTA BISWA SARMA
মীৰা বৰঠাকুৰ গোস্বামীৰ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 10:07 PM IST

গুৱাহাটী: "মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন বিধি উলংঘা কৰা নাইনে ? নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে ? নে মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচন আয়োগ ?" - এই প্ৰশ্ন প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ । ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনক কেন্দ্ৰ কৰি এই প্ৰশ্নৰ অৱতাৰণা কৰিছে কংগ্ৰেছ নেত্রীগৰাকীয়ে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, "মুখ্যমন্ত্রীয়ে দলীয় প্ৰাৰ্থীক মঞ্চত উঠাই বিভিন্ন প্ৰতিশ্ৰুতি দিছে । যিটো নিৰ্বাচনী বিধি উলংঘা । সমষ্টিসমূহত মুখ্যমন্ত্রীয়ে প্ৰতিশ্ৰুতিৰ বন্য বোৱাইছে । নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে নাই । নে হিমন্ত বিশ্ব শৰ্মা নিজেই নিৰ্বাচন আয়োগ । হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্রী নে অসমৰ মুগেমবু, অসমৰ চৰদাৰ ।"

তেওঁ লগতে কয়, "ধাৰৰ ওপৰত ধাৰ লোৱা মুখ্যমন্ত্রীয়ে সকলো কথাতে মই কৰিম, মই কৰিম কয় । আজিৰ সময়ত গৰ্ভত থকা সন্তানটিয়েও ৪২ হাজাৰ টকাৰ ঋণৰ বোজা লৈ থাকিবলগীয়া অৱস্থা হৈছে । হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছো যে ৰি'পৰ্ট কাৰ্ড দেখুৱাই নিৰ্বাচন জয়ী হওক । গুণ্ডাগিৰি লগাই, মানুহৰ গাড়ী ভঙাই, মানুহক মিছা প্ৰতিশ্ৰুতি দি নহয় । ৫ লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি কৈছিল । এতিয়া ১৬ হাজাৰ চাকৰিৰ বাবে ৩২ লাখ নিবনুৱাই পৰীক্ষা দিবলগীয়া হৈছে । ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিম বুলি কৈ স্মাৰ্ট মিটাৰ লগাই মানুহক মাধমাৰ শোধাইছে ।"

মুখ্যমন্ত্রীয়ে সাংসদ ৰকিবুল হুছেইনে চাকৰি দিয়াৰ প্ৰসংগত কৰা মন্তব্যৰ প্ৰত্যুত্তৰত তেওঁ কয়, "ৰকিবুল হুছেইনে চাকৰি দিয়াৰ কথাটোক লৈ মুখ্যমন্ত্রীয়ে গোচৰ তৰাৰ কথা কৈছে । মই মুখ্যমন্ত্রীক সুধিব বিচাৰিছো যে এছ আই কেলেংকাৰীত যি অৱস্থা হৈছিল পাহৰি গ'ল নেকি । আমি কিন্তু পাহৰা নাই । ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত চাকৰিৰ যিখন বজাৰ চলিছিল তাত যিসকলক কৰায়ত্ত কৰিছিল তেওঁলোকে কৈছিল যে আমি ২.৫-৩ লাখ টকাকৈ লৈছিলো যদিও ৫০ হাজাৰ পাইছিলো আৰু মোটা অংশ ওপৰ মহললৈ গৈছিল । ওপৰ মহলক ধৰা নহ'ল । সেই কথাবোৰ আমি পাহৰা নাই ।"

"ক'ভিডৰ সময়ত পি পি ই কিটক লৈ চলা কেলেংকাৰীৰ কোনো হিচাপ নহ'ব নেকি । ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত বিক্ৰী কৰাৰ কেলেংকাৰী পাহৰি গ'ল নেকি । ভূতৰ মুখত ৰাম নাম । আপুনি নীতি-বচন দিলে শোভা নাপাই । আপুনি কেলেংকাৰীত নিমজ্জিত এজন ব্যক্তি । মুখ্যমন্ত্রীয়ে দুৰ্নীতি-কেলেংকাৰী আদিৰ পৰা নিজকে নিকা কৰি বেলেগলৈ আঙুলি টোৱাটো ভাল ।" মহিলা কংগ্ৰেছৰ সভানেত্রীগৰাকীয়ে কয় ৷

মুখ্যমন্ত্রীক প্ৰশ্ন কৰি তেওঁ কয়, "আপুনি অসমত সুস্থ ৰাজনৈতিক পৰিৱেশ বৰ্তাই ৰাখিব পাৰিছে নে । মুখ্যমন্ত্রীয়ে হাল এৰি শিয়াল খেদাৰ পৰিৱৰ্তে, মিছা কথাবোৰ প্ৰচাৰ কৰাৰ পৰিৱৰ্তে সঁচা কথা কওক । আনহাতে নিৰ্বাচন আয়োগে নিজৰ দায়িত্ব পালন কৰক । মুখ্যমন্ত্রীয়ে সুস্থভাৱে ৰি'পৰ্ট কাৰ্ড দেখুৱাই ভোট বিচাৰক ।"

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাৰ গুলী কেতিয়া কাৰ গাত লাগে কোনো ঠিক নাই; মীৰা বৰঠাকুৰৰ কটাক্ষ - Sonapur Eviction Incident

ABOUT THE AUTHOR

...view details