ধুবুৰী/ গুৱাহাটী :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে সদৰী কৰা অনুসৰি ৰাজ্যজুৰি পুনৰ আৰম্ভ হ'ল বাল্য বিবাহ বিৰোধী অভিযান । এইবাৰ ৰাজ্যজুৰি তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হৈছে । শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে যোৱা নিশা বাল্য বিবাহ বিৰোধী অভিযান চলায় ।
এই অভিযানত বাল্য বিবাহৰ সংক্ৰান্তত মুঠ ৪১৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । বৰ্তমানলৈকে বাল্য বিবাহ সম্পৰ্কীয় ৩৩৫ টা গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে । আজি পৃথকে-পৃথকে আদালতত হাজিৰ কৰা হ’ব অভিযুক্তসকলক ।
মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয়, "২১-২২ ডিচেম্বৰৰ নিশা আৰম্ভ কৰা তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযানত । এই অভিযানত ৪১৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৩৩৫ টা গোচৰ ৰুজু কৰা হৈছে । গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলক আজি আদালতত হাজিৰ কৰোৱা হ'ব । আমি এই সামাজিক অশুভ শক্তিৰ সমাপ্তিৰ বাবে সাহসী পদক্ষেপ লোৱাটো অব্যাহত ৰাখিম ।"
লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখন অব্যাহত ৰাখিছে । বাল্য বিবাহ বিবাহ অভিযানত ধুবুৰীৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহৰ লগত জড়িত বহু কেইজনকো গ্ৰেপ্তাৰ কৰিছে ।